Local, Vocal, Global

মুছলমানক অন্যায়! RSSকো নিষিদ্ধ কৰক!

নিউজ ডেস্ক : আজি বিহাৰৰ লালু প্ৰসাদ যাদৱ নেতৃত্বাধীন শাসকীয় আৰজেডিৰ সভাপতি নতুন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হ’ব৷ আৰজেডি সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে লালু প্ৰসাদ যাদৱে৷ মনোনয়ন দাখিলৰ পূৰ্বে টুইট কৰি পিএফআইৰ লগতে আৰএছএছকো নিষিদ্ধ কৰা উচিত বুলি কয়। মুছলমানসকলক অন্যায় কৰা হৈছে। ২৪ত বিজেপিৰ পতাকা উত্তোলন কৰা নহ’ব বুলি কৈ লালুৱে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআইক নিষিদ্ধ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্তক আদৰণি জনাই কয় যে আৰএছএছকো নিষিদ্ধ কৰা উচিত।

আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে টুইট কৰি কয় যে পিএফআইৰ দৰে ঘৃণা বিয়পোৱা সকলো সংগঠনক নিষিদ্ধ কৰা উচিত, আৰ এছ এছকে ধৰি। প্ৰথমে, আৰ.এছ.এছ. নিষিদ্ধ কৰক, ই তাতকৈ বেয়া সংগঠন। আৰ এছ এছক আগতে দুবাৰ নিষিদ্ধ কৰা হৈছে। আৰ এছ এছক প্ৰথমে লৌহ পুৰুষ চৰ্দাৰ পেটেলে নিষিদ্ধ কৰিছিল।

ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু ৰাজ্যৰ প্ৰাক্তন গৃহ মন্ত্ৰী ৰমেশ চেন্নিথালাই কয় যে পিএফআই নিষিদ্ধ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্ত এটা ভাল কথা। আৰ এছ এছকো একেধৰণে নিষিদ্ধ কৰা উচিত। সংখ্যাগৰিষ্ঠ সাম্প্ৰদায়িকতা আৰু সংখ্যালঘু সাম্প্ৰদায়িকতা দুয়োটাই সমানে বিৰোধিতা কৰিব লাগে। দুয়োটা সংগঠনে সাম্প্ৰদায়িক বিদ্বেষ উচটাই সমাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

উল্লেখ্য যে, বিগত কেইবাটাও দিনৰ ভিতৰত দুবাৰকৈ দেশজুৰি অভিযান চলাই পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ২৪০ জনতকৈও অধিক নেতাক গ্ৰেপ্তাৰ কৰা হৈছে৷ কাৰ্য্যালয়ক ছিল্ড কৰা হৈছে৷ সংগঠনটোক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে। পিএফআই আৰু ইয়াৰ সহযোগী বা মৰ্চাসমূহক তাৎক্ষণিক প্ৰভাৱৰ সৈতে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত নিষিদ্ধ ঘোষণা কৰা হৈছে।