Local, Vocal, Global

Infant Found Dead : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড !ষঠ পূজা ঘাটত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : এক হৃদয়বিদাৰক ঘটনা । পোহৰলৈ আহিছে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফল(Infant Found Dead)।

বোকাখাতত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনাৰ(New Born Baby Dead Body Found) ।

বোকাখাতৰ ইকৰাজানৰ ষঠ পূজা ঘাটত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ । স্থানীয় লোকে ষঠ পূজা ঘাটত প্ৰত্যক্ষ কৰে নৱজাতক সন্তানটিৰ মৃতদেহটো ।এটা মোনাত ভৰাই থোৱা অৱস্থাত আছিল নৱজাতকটি

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হয় আৰু নৱজাতকটি উদ্ধাৰ কৰে

বৰ্তমানলৈ নৱজাতকৰ মৃতদেহটো কোনে কি কাৰণত পেলাই থৈ গ’ল, সেয়া স্পষ্ট হোৱা নাই যদিও কোনো পাষান পিতৃ মাতৃয়ে এই নৃশংস ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

লগতে পঢ়ক :Tragic Road Accident in Juria : জুৰীয়াত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা