Local, Vocal, Global

Watch | INDORE COUPLE MISSING IN SHILLONG: মেঘালয়ত সন্ধানহীন সোনমক উত্তৰ প্ৰদেশত উদ্ধাৰ

নিউজ ডেস্ক: ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীয়ে যোৱা ১১ মে’ত ইন্দোৰস্থিত সোনম ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হয় । বিবাহৰ পিছত ২০ মে’ত মধুচন্দ্ৰিকাৰ বাবে ইন্দোৰৰ পৰা শ্বিলঙলৈ ৰাওনা হয় দম্পতীটো । শ্বিলং পোৱাৰ পিছত ২৫ মে’লৈকে পৰিয়ালৰ সৈতে যোগাযোগত আছিল দম্পতীটোৰ ।

ইয়াৰ পিছত পৰিয়ালৰ সৈতে দুয়োৰে যোগাযোগ বিচ্ছিন্ন হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে । দুয়োৰে ফোন ছুইচ অফ হোৱাত পৰিয়ালটো আতংকিত হৈ পৰে । তেতিয়াৰ পৰা দুয়োজনেই নিৰুদ্দেশ হৈ আছিল । নিৰুদ্দেশ হোৱাৰ প্ৰায় ১০ দিন পিছতে ৰাজাৰ মৃতদেহ উদ্ধাৰ হয় । কিন্তু সোনমৰ কোনো সম্ভেদ পোৱা হোৱা নাছিল ।

অৱশেষত ,মধুচন্দ্ৰিকাৰ বাবে মেঘালয়ৰ শ্বিলঙলৈ অহা মধ্য প্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ পত্নী সোনমৰ অৱশেষত সম্ভেদ ওলাল । উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দগঞ্জ থানা এলেকাৰ এখন ধাবাত মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হয় সোনমক । নন্দগঞ্জ আৰক্ষী থানাই মহিলাগৰাকীক ৱান ষ্টপ চেণ্টাৰলৈ প্ৰেৰণ কৰে সোনম ৰঘুবংশীক।

ৰাজাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ দৰাচলতে নিৰুদ্দেশ হোৱা সোনম ৰঘুবংশীয়ে নিজৰ স্বামী ৰাজাক হত্যা কৰিছিল। সোমবাৰে পুৱা মেঘালয়ৰ ডিজিপি আই নোংৰাঙে কয় যে ৰঘুবংশীক মেঘালয়ত হানিমুনৰ সময়ত পত্নীৰ ভাড়াতীয়া লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ডিজিপিয়ে জনোৱা মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰত মৃতকৰ পত্নী সোনমে আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰাৰ বিপৰীতে নিশাৰ ভিতৰতে অভিযান চলাই আন তিনিটা আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হয় । যোৱা ২৩ মে’ত মেঘালয়ৰ ছ’হৰা অঞ্চলত অৱসৰ বিনোদনত থকা অৱস্থাত নিৰুদ্দেশ হৈছিল ৰঘুবংশী আৰু তেওঁৰ পত্নী । পত্নীৰ সন্ধান চলি থকাৰ সময়তে ২ জুনত এটা খাৱৈত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় । সোনম ৰঘুবংশীয়ে নিজৰ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে লগ হৈ স্বামী ৰাজা ৰঘুবংশীৰ হত্যা কৰিছিল।