ছট্টিশগড়ৰ আইইডি বিষ্ফোৰণত ইণ্ডো-টিবেটান সীমান্তৰ জোৱান নিহত

নিউজ ডেস্ক,১৪ মাৰ্চঃ সোমবাৰে চত্তিশগড়ৰ নাৰায়ানপুৰ জিলাৰ বস্তাৰ অঞ্চলত পুৱা ৮.৩০ বজাত আইইডি বিস্ফোৰণ সংঘটিত হয়। এই বিষ্ফোৰণত ইণ্ডো-তিব্বতৰ সীমান্তৰ এজন আৰক্ষী উপ পৰিদৰ্শক বিষয়া নিহত হয়। লগতে আন এজন মুখ্য কনিষ্টবলো আঘাতপ্ৰাপ্ত হয়।
নক্সালবাদী গোটে আইটিবিপিৰ ওপৰত আক্ৰমণ কৰাৰ লক্ষ্যৰে শক্তিশালী আইইডিটোৰ বিস্ফোৰণটো ঘটায়।
ইণ্ডো-তীব্বত ব’ৰ্ডাৰ ৫৩তম বেটেলিয়নৰ এটা দলে পথ নিৰ্মাণৰ কামত নিৰাপত্তা নিশ্চিত কৰিবলৈ তহলদাৰী দি আছিল। ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীসকল ইয়াৰ সংস্পৰ্শলৈ আহে আৰু এই বিষ্ফোৰণ সংঘটিত হয়। আঘাটপ্ৰাপ্ত মুখ্য কনিষ্টবলজনক ৰায়পুৰৰ এখন হাস্পটালত ভৰ্তি কৰোৱা হয়।
এই বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।