Local, Vocal, Global

অঘটন… মাজ আকাশত অগ্নিকাণ্ড!

ডিজিটেল ডেস্কঃ দিল্লীৰ বিমান বন্দৰৰ পৰা উৰা মৰাৰ সময়তে ইণ্ডিগোৰ এখন যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বিমানখনৰ যাত্ৰীসকলৰ।

শুকুৰবাৰে নিশা সংঘটিত হয় এই অঘটন। জানিব পৰা মতে, দিল্লীৰ পৰা বাংগালুৰু অভিমুখে বিমানখনে টেক অফ কৰিবলৈ সাজু হোৱাৰ সময়তে বিমানখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটা পৰিলক্ষিত হয়।

পৰিৱৰ্তী সময়ত বিমানখন দিল্লীৰ বিমানবন্দৰতে ৰখাই যাত্ৰীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই অনা হয়।

তথ্য অনুসৰি, বিমানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ৭ গৰাকী ক্ৰু মেম্বাৰসহ ১৮৪ গৰাকী যাত্ৰী আছিল।

অসামৰিক বিমান পৰিবহন মন্ত্ৰীয়ে ডিজিচিএ বিষয়াক বিষয়টোৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে।