IndiGo Flight Bound For Guwahati Makes Emergency Landing : ঘন কুঁৱলীৰ বাবে ঢাকাত অৱতৰণ মুম্বাই-গুৱাহাটী ইণ্ডিগ’ৰ বিমান

নিউজ ডেস্ক, ১৩জানুৱাৰী : শনিবাৰে বাংলাদেশত অৱতৰণ ইণ্ডিগ’ বিমান । গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমান শনিবাৰে পুৱা বাংলাদেশৰ ৰাজধানী ঢাকাত জৰুৰীকালীন অৱতৰণ কৰে বুলি জানিব পৰা গৈছে । ঘন কুঁৱলীৰ বাবে বাংলাদেশৰ ৰাজধানী ঢাকাত অৱতৰণ কৰে বিমানখন(IndiGo Flight Bound For Guwahati Makes Emergency Landing In Dhaka Due To Dense Fog) ।
উল্লেখ্য যে, ইণ্ডিগ’ বিমানখন গুৱাহাটীত অৱতৰণ কৰাৰ কথা আছিলে কিন্তু ঘন কুঁৱলীৰ বাবে গুৱাহাটীত অৱতৰণ কৰাৰ সলনি বাংলাদেশৰ ৰাজধানী ঢাকাত অৱতৰণ কৰে। মুম্বাই যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰজ সিং ঠাকুৰে এক্সত এটা পোষ্ট কৰি এই কথা জানিবলৈ দিয়ে(IndiGo Flight Bound For Guwahati Makes Emergency Landing) ৷
সুৰজ সিং ঠাকুৰে এক্সত এটা পোষ্টৰ জড়িয়তে কয় যে, “মই মুম্বাইৰ পৰা গুৱাহাটীলৈ IndiGo6E 6E 5319 বিমান লৈছিলো । কিন্তু ঘন কুঁৱলীৰ বাবে বিমানখন গুৱাহাটীত অৱতৰণ কৰিব পৰা নাছিল । তাৰ পৰিৱৰ্তে ঢাকাত অৱতৰণ কৰিছিল ।” বিমানখনত থকা সকলো যাত্ৰীয়ে পাছপ’ৰ্ট অবিহনে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈছিল বুলিও তেওঁ লগতে কয়(Mumbai-Guwahati IndiGo flight makes emergency landing in Dhaka amid dense fog) ।
তেওঁ লগতে কয়, “আমি ৯ ঘণ্টা ধৰি বিমানৰ ভিতৰত আবদ্ধ হৈ আছো । ভাৰত জোড়ো ন্যায যাত্ৰাৰ বাবে মণিপুৰ (ইম্ফল)লৈ ৰাওনা হৈছিলো । চাওঁ কেতিয়া গুৱাহাটী পাম আৰু তাৰ পিছত ইম্ফললৈ উৰা মাৰিম ।” জানিব পৰা মতে, সম্প্ৰতি ঢাকাৰ পৰা গুৱাহাটী অভিমুখে বিমানখন পৰিচালনাৰ বাবে বিকল্প দলৰ ক্ৰুৰ ব্যৱস্থা কৰা হৈছে ।
উল্লেখ্য যে,মণিপুৰত হ’বলগীয়া কংগ্ৰেছ ন্যায় যাত্ৰাত অংশ ল’বলৈ এই নেতাগৰাকী মুম্বাইৰ পৰা আহিছিল। ১৩ জানুৱাৰী পুৱতি নিশা প্ৰায় ৪ বজাত বিমানখন ঢাকাত অৱতৰণ হৈছিল। অৱশ্যে তাৰ কেইঘন্টামান পাছত যাত্ৰীসকল গুৱাহাটী বিমানবন্দৰত সুৰক্ষিতভাৱে উপস্থিত হয়(IndiGo’s flight from Mumbai, diverted to Dhaka due to fog, returns to Guwahati)।