IndiGo airlines cancels flights : দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ

নিউজ ডেস্ক,১৮আগষ্ট : বিমান যাত্ৰীৰ মাজত হাহাকাৰ । দিল্লীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া বিমান যাত্ৰীৰ মাজত হাহাকাৰ( IndiGo airlines cancels flights)।
এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ যাত্ৰা বিলম্ব হোৱাক লৈ যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ।
জানিব পৰা মতে, পুৱা প্ৰায় ৭.২০ বজাত দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া আছিল বিমানখন।কিন্তু বিয়লি ২ বজাতহে বিমানখনে যাত্ৰা কৰিব বুলি যাত্ৰীসকলক জনায় কৰ্তৃপক্ষই। তাৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়( IndiGo airlines cancels flights) ।
বিমানখনত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। আন কেইবাগৰাকীও বিজেপি নেতা আছিল গুৱাহাটীমুখী বিমানখনত। এতিয়াও বিমানখনৰ ভিতৰতে আছে গুৱাহাটী অভিমুখী আন যাত্ৰীসকল।
লগতে পঢ়ক : Rhino Horn Seizes in Samaguri : চামগুৰিত উদ্ধাৰ গঁড়ৰ খৰ্গ