Local, Vocal, Global

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথম ভাৰতীয় হিচাপে ভাৰত সন্তান মুৰলী শ্ৰীশংকৰ

নিউজ ডেক্স,১৬জুলাই :বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ মঞ্চত অভিলেখ গঢ়া প্ৰথম ভাৰতীয় হৈছে মুৰলী শ্ৰীশংকৰ।

লং জাম্পাৰ মুৰলীয়ে ফাইনেললৈ টিকট অৰ্জন কৰি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনে।

২৩ বছৰীয়া লং জাম্পাৰ মুৰলীয়ে এই বছৰ ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে। ছিজনৰ শীৰ্ষ তালিকাত দ্বিতীয় স্থানত থকা মুৰলী হৈছে চেম্পিয়নশ্বিপত পদক জয়কৰাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ আশা।

বিশ্ব চেম্পিয়নশ্বিপতো তেওঁৰ ভাল প্ৰদৰ্শন অব্যাহত আছিল। দ্বিতীয় ৰাণত, মুৰলীয়ে ৮.০০ মিটাৰ জঁপিয়াই পোনপটীয়াকৈ ফাইনেলত উপনীত হয়।

মুৰলীয়ে লং জাম্পফাইনেলত অকলে ভাৰতক প্ৰতিনিধিত্ব কৰিব। ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় পুৰুষ লং জাম্পাৰ মুৰলী শ্ৰীশংকৰ।

মুৰলী শ্ৰীশংকৰৰ সুন্দৰ প্ৰদৰ্শনত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথমটো পদক জিকাৰ সপোন দেখিছে ভাৰত।