India’s six medals at 2024 Paris Olympic : এটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক লৈ পেৰিছত যাত্ৰা সামৰিলে ভাৰতীয় খেলুৱৈ

নিউজ ডেস্ক,১২আগষ্ট : এটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক লৈ পেৰিছ অলিম্পিকত ভাৰতে যাত্ৰা সামৰিলে।
২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ চলিছিল পেৰিছ অলিম্পিক । পেৰিছ অলিম্পিকলৈ ৰাওনা হৈছিল ভাৰতৰ মুঠ ১১৭ গৰাকী ভাৰতীয় খেলুৱৈ। পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰিবলৈ সক্ষম হয় মাত্ৰ ৬ টা পদক ৷ ইয়াৰে এটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক ৷ ৬ টা পদকেৰে ভাৰতে ৭১ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়(A Look at India’s medal winners at 2024 Paris Olympics)।
উল্লেখ্য যে, পেৰিছ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে মনু ভাকেৰে । ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় শ্বুটাৰগৰাকীয়ে অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় । ইয়াৰ পিছত ২২ বছৰীয়া সৰৱজিৎ সিঙৰ সৈতে মিক্সড টীম ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ একক সংস্কৰণত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাসত নিজৰ নাম খোদিত কৰে মনুৱে(India’s six medals at 2024 Paris Olympic) ।
পেৰিছ অলিম্পিকত শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ আৰু এটি পদকৰ সংখ্যা বৃদ্ধি কৰে স্বপ্নীল কুছালে । ভাৰতীয় হকী(পুৰুষ) দলটোৱে ২০২৪ চনৰ পেৰিছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত ৰূপৰ পদক লাভ কৰি নীৰজ চোপ্ৰা আটাইতকৈ সফল ব্যক্তিগত অলিম্পিয়ান হিচাপে পৰিগণিত হয় ।
আনহাতে, অলিম্পিক গেমছত ভাৰতীয় মল্লযুঁজাৰু অমন শ্বেহৰাৱটে মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী হিচাপে পৰিগণিত হয়।