Local, Vocal, Global

Ram Mandir’s Inauguration today : আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা; অযোধ্যাত উপস্থিত বহু বলীউদৰ তাৰকা

নিউজ ডেস্ক, ২২ জানুৱাৰী : অপেক্ষা মাথোঁ কিছু ক্ষণৰ। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সাজু অযোধ্যা।।আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ।প্ৰাণ প্ৰতিষ্ঠাক লৈ উখল-মাখল অযোধ্যা( Ram Mandir’s Inauguration today)।

আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে। সমগ্ৰ দেশত এতিয়া কেৱল ‘জয় শ্ৰীৰাম’ ধ্বনি শুনা গৈছে। আজি দুপৰীয়া প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। সন্ধিয়া ৰামজ্যোতি জ্বলোৱা হ’ব।

ৰাম ভক্তৰে ভৰি পৰিছে ৰাম জন্মভূমি। ইতিমধ্যে সমাৰোহৰ বাবে উপস্থিত হৈছে বহু অভিনেতা- অভিনেত্ৰী ।উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বহু ভিভিআইপিও।দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব সমাৰোহত(India’s Ayodhya Ram Mandir temple to be inaugurated by Modi)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। অযোধ্যাৰ ৰাম মন্দিৰৰ শুভ উদ্বোধনক লৈ দেশজুৰি চলিছে মহা আয়োজন । উৎসৱমুখৰ পৰিৱেশ চৌদিশে। ঠায়ে ঠায়ে এই ঐতিহাসিক দিনটো পালনৰ বাবে চলোৱা হৈছে আয়োজন।

ইতিমধ্যে ম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অযোধ্যাত চেলিব্ৰেটীৰ ভিৰ। অযোধ্যাত উপস্থিত দেশৰ একাধিক চেলিব্ৰটী। ৰাম জন্মভূমি অযোধ্যাত ভিৰ কৰিছে বলীউডৰ মেগাষ্টাৰৰ পৰা ড্ৰীম গাৰ্ললৈ সকলোৱে । দাক্ষিণাত্যৰ ছুপাৰষ্টাৰৰ পৰা অসমীয়া চলচ্চিত্ৰ পৰিচালকলৈ VIP-VVIPৰে ভৰি পৰিছে। ৰাজনৈতিক নেতাৰ পৰা বলীউদৰ ‘খিলাড়ী’ সকলোৱে উপস্থিত হৈছে ৰাম নগৰীত । প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে অযোধ্যাত উপস্থিত হৈছে মেগাষ্টাৰ অমিতাভ বচ্চন-ৰজনীকান্ত। উপস্থিত মাধুৰী দীক্ষিত, চিৰঞ্জীৱী, কেটৰিণা কাঈফ, বিকি কৌশল, অনুপম খেৰ, টাইগাৰ শ্ৰফ, জেকি শ্ৰফ, আয়ুষ্মান খুড়ানা, অজয় দেৱগন, কংগণা ৰাণাৱট,হেমা মালিনী আৰু ছানী দেউল, সংগীত শিল্পী শংকৰ মহাদেবন। অযোধ্যাত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় ছবি পৰিচালক জাহ্নু বৰুৱা, মঞ্জু বৰাও।

ইফালে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা ধনুষ, পৱন কল্যাণ, ৰামচৰণ,প্ৰভাস,অল্লু অৰ্জুন,মোহনলাল। দাক্ষিণাত্যৰ জনপ্ৰিয় ছবি পৰিচালক এছ এছ ৰাজামৈলী উপস্থিত ৰাম জন্মভূমিত। অযোধ্যাত উপস্থিত হৈছে অক্ষয় কুমাৰ, ৰণবীৰ কাপুৰ, আলিয়া ভাট, ৰণদ্বীপ হুদা। ৰাম জন্মভূমিত অযোধ্যাত উপস্থিত হৈছে ।ৰাম জন্মভূমিত উপস্থিত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ, ক্ৰিকেটাৰ ভেংকেটশ প্ৰসাদ। লগতে অযোধ্যাত উপস্থিত নিমন্ত্ৰিত আন কেইবাগৰাকী খেলুৱৈ,কেইবাগৰাকী ৰাজনীতিবিদ।