Local, Vocal, Global

Watch | Indian youth in trouble for calling an American woman beautiful: আমেৰিকাৰ মহিলাক Beautiful বুলি কৈ বিপদত ভাৰতীয় যুৱক

নিউজ ডেস্ক : আমেৰিকাত চৰম অপমান ভাৰতীয় নাগৰিকক। এইবাৰ আমেৰিকাত কৰ্মৰত এজন ভাৰতীয় যুৱকে আমেৰিকাৰ এগৰাকী পত্নীক ‘You Looking So Beautiful’বুলি কৈ বিপদত পৰিছে। সামাজিক মাধ্যমত এই ভিডিওটোই তোলপাৰ লগাই দিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ইয়াক লৈ চলিছে চৰ্চা ।

ঘটনাটো আছিল এনেকোৱা আমেৰিকাৰ ‘কানসাস চিটী’ত থকা এখন ৰেষ্টুৰেন্ট। এই ৰেষ্টুৰেন্টখনত কৰ্মৰত হৈ আছিল ভাৰতীয় এজন যুৱক। ৰেষ্টুৰেন্টখনত আমেৰিকান এহাল দম্পত্তি আহিছিল কিবা খাবলৈ। তেনেতেই ভাৰতীয় যুৱকজনে আমেৰিকাৰ মহিলা গৰাকী ‘You Looking So Beautiful’ বুলি কৈছিল। ‘Beautiful’ বুলি কোৱাৰ কাৰণেই ভাৰতীয় যুৱকজনক উভতি ধৰে মহিলাগৰাকীৰ স্বামীয়ে । ”তোমাক কোনে অধিকাৰ দিলে মোৰ পত্নীক Beautiful বুলি ক’বলৈ,তুনি কোন হয়?এইখন ভাৰত নহয়।”
একপ্ৰকাৰ যুৱকজনক চৰম অপমান কৰাৰ লগতে ভাৰতক লৈও অভ্যব্য মন্তব্য কৰা শুনা পোৱা গৈছে ভিডি’অটোত।

ভিডি’অটোত ক্লিক কৰি ভালদৰে মন কৰক।

লগকে পঢ়ক : Watch | Dalgaon protest : দলগাৱঁত উচ্ছেদক লৈ প্ৰতিবাদ সাব্যস্ত তীব্ৰ প্ৰতিবাদ মুছাৰ