ভাৰত-দক্ষিণ আফ্ৰিকাৰ আৰু ইংলেণ্ডৰ লগত হবলগীয়া খেলৰ বাবে ভাৰতীয় দল ঘোষণা
নিউজ ডেস্ক, ২৩ মে’- বি চি চি আইয়ে দেওবাৰে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হবলগীয়া টি-২০ শৃংখলা আৰু ইংলেণ্ডৰ লগত অনুষ্ঠিত হবলগীয়া একমাত্ৰ টেষ্টখনৰ বাবে দেওবাৰে ভাৰতীয় দল ঘোষণা কৰিলে।
ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাখনত মুঠ ৫ খন মেচ অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে একমাত্ৰ টেষ্টখন ভাৰতে ইংলেণ্ডৰ মাটিত খেলিব।
টি-২০ শৃংখলাৰ বাবে বি চি চি আইয়ে কে এল ৰাহুলক অধিনায়কৰ দায়িত্ব দিয়াৰ লগতে ঋষভ পণ্টক দলটোৰ উপ-অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিছে দীনেশ কাৰ্তিকে ।
আই পি এলৰ পিছতেই ৯ জুনৰ পৰা ১৯ জুনলৈ ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ এই টি-২০ দ্বিপাক্ষিক শৃংখলা ।
ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত ৯ জুনত দিল্লীত অনুষ্ঠিত হ’ব । দ্বিতীয়খন মেচ ১২ জুনত কটকত, তৃতীয়খন মেচ ১৪ জুনত বিশাখাপত্তনম, চতুৰ্থখন মেচ ১৭ জুনত ৰাজকোটত আৰু পঞ্চমখন মেচ ১৯ জুনত বেংগালুৰুত অনুষ্ঠিত হ’ব ।
বিচিচিআইয়ে ভাৰত-দক্ষিণ আফ্ৰিকাৰ বাবে ঘোষণা কৰা দলটো– কে এল ৰাহুল (অধিনায়ক), ঋতুৰাজ গায়কোৱাড়, ঈশান কিষাণ, দীপক হুদা, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত (উপ-অধিনায়ক, উইকেটকীপাৰ), দিনেশ কাৰ্তিক (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, য়ুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবি বিষ্ণই, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অভেশ খান, আবেশ খান, অৰ্শদীপ সিং আৰু উমৰান মালিক ।
ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া একমাত্ৰ টেষ্টখনৰ বাবে ঘোষিত ভাৰতীয় দলটো : ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), শুভমন গিল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, হনুমা বিহাৰী, চেতেশ্বৰ পূজাৰা, ঋষভ পন্ট (উইকেটকীপাৰ), কে এছ ভাৰত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, উমেশ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণ ।