Local, Vocal, Global

Indian Prime Minister Narendra Modi to visit Ukraine in August : ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

নিউজ ডেস্ক,২৭জুলাই : ৰাছিয়াৰ পাছত এইবাৰ ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। ২৩ আগষ্টত ইউক্ৰেইন ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ। প্ৰধানমন্ত্ৰীৰ ইউক্ৰেইনৰ ভ্ৰমান কালত দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰিব(Indian Prime Minister Narendra Modi to visit Ukraine in August)।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

দিল্লীস্থিত ইউক্ৰেইনৰ দূতাবাসৰ তথ্য অনুসৰি অহা আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ ভ্ৰমণ কৰিব আৰু দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰিব।

ৰুছ আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব প্ৰথম ইউক্ৰেইন ভ্ৰমণ। প্ৰধানমন্ত্ৰীগৰাকীৰ আগন্তুক এই ভ্ৰমণে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিতো বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ আৰম্ভণিৰ ফালে প্ৰধানমন্ত্ৰী মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া ভ্ৰমণ কৰিছিল(PM Modi likely to visit Ukraine on August 23)।

লগতে পঢ়ক : NITI Aayog meeting in Delhi today : আজি নতুন দিল্লীত NITI আয়োগৰ বৈঠক