Local, Vocal, Global

Indian-origin couple, daughter killed in ‘suspicious’ fire in Canada : ৯ দিন উকলি যোৱাৰ পিছত চিনাক্ত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱা এটি পৰিয়াল

নেশ্যনেল ডেস্ক, ১৬ মাৰ্চ : এক ভয়ংকৰ অগ্নিকাণ্ডত শেষ হৈ গ’ল এটি পৰিয়াল(Indian-origin couple, daughter killed in ‘suspicious’ fire in Canada) ।

৭ মাৰ্চত কানাডাৰ ব্ৰেম্পটনত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল ৩ জনীয়া পৰিয়াল।

কানাডাত এই মৰ্মান্তিক দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজন ভাৰতীয় মূলৰ । ১৫ মাৰ্চত চিনাক্ত কৰে পৰিয়ালটোক(Indian-origin couple, minor daughter killed in ‘suspicious’ house fire in Canada) ।

জানিব পৰা মতে, মাতৃ, পিতৃ আৰু ছোৱালাৰ সৈতে কানাডাৰ টৰন্টো চহৰৰ এটা ঘৰত বাস কৰিছিল পৰিয়ালটোৱে । কিন্তু ৭ মাৰ্চৰ নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । যাৰ ফলত ভাৰতীয় মূলৰ ৩ জনীয়া পৰিয়ালটোৰ আটাইৰে মৃত্যু ঘটে ৷ মৃতসকলক ৫১ বছৰীয়া ৰাজীৱ ৱাৰিকু, তেওঁৰ পত্নী শিল্পা কোঠা (৪৭) আৰু তেওঁলোকৰ ১৬ বছৰীয়া কন্যা মেহেক ৱাৰিকু বুলি চিনাক্ত কৰা হৈছে ।

সূত্ৰ অনুসৰি, ৭ মাৰ্চত টৰন্টোৰ উত্তৰ-পশ্চিম দিশত জুই নিয়ন্ত্ৰণ কৰাৰ পিচত টৰন্টোৰ ব্ৰেম্পটনত থকা তেওঁলোকৰ ঘৰৰ ভিতৰত তিনিজনৰ অৱশিষ্ট উদ্ধাৰ হয়(Indian-origin couple, daughter killed in ‘suspicious’ fire in Canada) ৷

শুকুৰবাৰে পিল আঞ্চলিক আৰক্ষীয়ে এক বিবৃতিত কৈছিল যে তেওঁলোকে সকলো অৱশিষ্ট চিনাক্ত কৰিবলৈ অহৰ্নিশে কাম কৰি গৈছিল । ৰাজীৱ ৱাৰিকু এজন কাশ্মীৰী পণ্ডিত আছিল, যাৰ লিংকডইন প্ৰফাইলে কয় যে তেওঁ অণ্টাৰিঅ’ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে ব্যৱসায় সেৱা শাখাৰ সঞ্চালক হিচাপে কাম কৰি আছিল ।

আৰক্ষীয়ে কৈছে যে তেওঁলোকক ৭ মাৰ্চৰ নিশা প্ৰায় ১:৩০ বজাত বিগ স্কাই ৱে আৰু ভেন কিৰ্ক ড্ৰাইভৰ এলেকালৈ মাতি অনা হৈছিল আৰু তেওঁলোকে জুইে আৱৰি থকা এটা ঘৰ প্ৰত্যক্ষ কৰিছিল । তেওঁলোকে কয় যে সেই স্থান পৰীক্ষা কৰা তদন্তকাৰী বিষয়াসকলে ঘৰৰ ভিতৰত মানুহৰ অৱশিষ্ট বুলি বিশ্বাস কৰা বস্তু উদ্ধাৰ কৰে ।

আৰক্ষীয়ে কৈছে যে তেওঁলোকে অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’বলৈ পালে সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Bollywood singer Anuradha Paudwal joins BJP : জনপ্ৰিয় কণ্ঠশিল্পী অনুৰাধা পড়োৱালৰ বিজেপিত যোগদান