Cyclone Dana: ওড়িশাত সাগৰীয় ঘূৰ্ণিবতাহ ‘ডানা’ৰ ভয়ংকৰ ৰূপ

নেশ্যনেল ডেস্ক,২৭অক্টোবৰ : সাগৰীয় ঘূৰ্ণিবতাহ ‘ডানা’ৰ ভয়ংকৰ ৰূপ(Cyclone Dana)। ঘূৰ্ণীবতাহ ডানাই ওড়িশাত লৈছে সংহাৰী ৰূপ ৷ওড়িশাত ডানাৰ প্ৰভাৱৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে ৷
শনিবাৰে এক বিবৃতিযোগে ভাৰতীয় নৌসেনাই উল্লেখ কৰে যে,ভাৰতীয় নৌসেনাই কানহাপুৰ, বাগাপটিয়া, বৰাহিপুৰ, মগৰকান্দা, চাৰিঘেৰিয়া আৰু সতভায়াকে ধৰি ক্ষতিগ্ৰস্ত গাঁওসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাহায্য বিতৰণ কৰে ৷ বিবৃতিত লগতে উল্লেখ কৰে যে,বাটিপাদা আৰু তালচুৱাত সাহায্য শিবিৰ স্থাপন কৰি ঘূৰ্ণীবতাহৰ প্ৰভাৱত ক্ষতিগ্ৰস্তসকলক অত্যাৱশ্যকীয় সহায় আগবঢ়ায় ভাৰতীয় সেনাই(Indian Navy mobilise relief efforts in response to devastation caused by Cyclone Dana in Odisha)।
ইফালে ভাৰতীয় নৌসেনাই সংবাদ সংস্থা ANI ৰ আগত উল্লেখ কৰে যে, সেনাৰ দলটোৱে জীৱিকাৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ বাবে ডানাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ওড়িশাৰ জনসাধাৰণক মুঠ ৯ হাজাৰ আহাৰ বিতৰণ কৰে।
খাদ্য লগতে NOIC য়ে (ODS) ৰাজ্যিক সংস্থাসমূহৰ সৈতে অংশীদাৰিত্ব কৰি এটা চিকিৎসা শিবিৰ স্থাপন কৰে ৷ য’ত প্ৰায় ৪০০ ব্যক্তিক চিকিৎসা সাহায্য প্ৰদান কৰে ৷ যাতে এই সংকটৰ সময়ত স্বাস্থ্যজনিত উদ্বেগসমূহ পৰ্যাপ্তভাৱে মোকাবিলা কৰাটো নিশ্চিত কৰা হয়।