Local, Vocal, Global

Indian cricket legend Aunshuman Gaekwad passes away at 71 : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক অংশুমান গায়কোৱাড়ৰ দেহাৱসান

নিউজ ডেস্ক,১আগষ্ট : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক অংশুমান গায়কোৱাড়ৰ দেহাৱসান। তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭১ বছৰ বয়সত মৃত্যু প্ৰাক্তন প্ৰশিক্ষকগৰাকীৰ।

বুধবাৰে দেহাৱসান ঘটে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক গৰাকীৰ। কিছুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিসাধীন হৈ আছিল গায়কোৱাড়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। গায়কোৱাড় মৃত্যুত ভাৰতীয় ক্ৰিকেট সমাজত শোকৰ ছাঁ পেলাইছে (Indian cricket legend Aunshuman Gaekwad passes away at 71)।

উল্লেখ্য যে, গায়কোৱাড় চিকিৎসাৰ বাবে বিমানেৰে লণ্ডনলৈ লৈ যোৱা হয়। কেইমাহমান আগতে ইংলেণ্ডৰ পৰা বৰোদালৈ উভতি আহিছিল। তাতেই তেওঁৰ চিকিৎসা চলি আছিল। অৱশ্যে বুধবাৰে জীৱন যুদ্ধত পৰাস্ত হয় তাৰকা ক্ৰিকেটাৰগৰাকী(Former India Cricketer Anshuman Gaekwad Passes Away At 71 After Battling Cancer)।

গায়কোৱাড় মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। বি চি চি আইৰ সম্পাদক জয় শ্বাহে গায়কোৱাড়ৰ মৃত্যুত শোক প্ৰকাশ কৰে।

তেওঁ টুইটযোগে অংশুমানৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। কিছুদিন পূৰ্বে বিচিচিআইয়ে গাইকৱাদৰ চিকিৎসাৰ বাবে প্ৰাক্তন তাৰকাগৰাকীক ১ কোটি টকা দিয়াৰ সিদ্ধান্ত লৈছিল।

লগতে পঢ়ক : Paris Olympics 2024 : আজি বিয়লি ২:৩০ বজাত অলিম্পিকৰ ৰিঙত নামিব বক্সাৰ নিখাত জাৰিন