Local, Vocal, Global

বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হৈ পৰিছে ভাৰতীয় কোটিপতি গৌতম আদানি

নিউজ ডেস্ক : অপ্ৰতিৰোধ্য ভাৰতীয় কোটিপতি গৌতম আদানি। ফৰ্বছৰ মতে তেওঁ এতিয়া বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হৈ পৰিছে।

আদানীয়ে আমাজনৰ গৰাকী জেফ বেজোছ আৰু লুই ভিটনৰ বাৰ্ণাৰ্ড আৰ্নাল্টক অতিক্ৰম কৰিছে আৰু বৰ্তমান তেওঁৰ সম্পত্তিৰ মূল্য ১৫৪.৭ বিলিয়ন ডলাৰ।

ইলন মাস্ক ২৭৩.৫ বিলিয়ন মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈ আছে।

যোৱা মাহৰ আৰম্ভণিতে, আদানীয়ে আৰ্নাল্টক অতিক্ৰম কৰি তৃতীয় স্থান দখল কৰিছিল, কিন্তু মাস্ক আৰু বেজোছৰ পিছত আছিল।

আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ স্বত্তাধিকাৰী মুকেশ আম্বানী অষ্টম স্থানত আছে আৰু তেওঁৰ সম্পত্তিৰ মূল্য ৯২ বিলিয়ন ডলাৰ।

আদানি এজন প্ৰথম প্ৰজন্মৰ উদ্যোগী আৰু আদানি গ্ৰুপৰ মুৰব্বী য’ত আন্তঃগাঁথনি, খনন, শক্তি আৰু অন্যান্য খণ্ডত বিস্তৃত সাতটা ৰাজহুৱা তালিকাভুক্ত কোম্পানী আছে।