Indian Army honours Mirabai Chanu for fine performance in Paris Olympics : টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুক ভাৰতীয় সেনাৰ সন্মান
স্প’ৰ্টছ ডেস্ক, ১৩ আগষ্ট: টকিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰা মণিপুৰৰ ভাৰোত্তোলক মীৰাবাঈ চানুক ভাৰতীয় সেনাৰ সন্মান।
সোমবাৰে মণিপুৰত চানুৰ বাসগৃহত ভাৰতীয় সেনা উপস্থিত হৈ সন্মান জনায় ভাৰোত্তোলক মীৰাবাঈ চানুক। খেলুৱৈগৰাকীৰ নিষ্ঠা,কঠোৰ পৰিশ্ৰম আৰু বিশ্বৰ মঞ্চত ৰাষ্ট্ৰৰ গৌৰৱত তেওঁৰ অৱদানৰ প্ৰতি সন্মান আৰু প্ৰশংসাৰ চিহ্ন হিচাপে ভাৰতীয় সেনাই এই সন্মান জনায়(Indian Army honours Mirabai Chanu for fine performance in Paris Olympics)।
ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলে খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈ এক বিশেষ স্মাৰক প্ৰদান কৰে আৰু তেওঁৰ উল্লেখনীয় সাফল্য আৰু সমগ্ৰ দেশৰ লাখ লাখ লোকক প্ৰদান কৰা অনুপ্ৰেৰণা স্বীকাৰ কৰে ।
ভাৰতীয় সেনাই এক বিবৃতিত কয় যে, অলিম্পিকত মীৰাবাঈ চানুৰ অংশগ্ৰহণ কেৱল চানু আৰু তেওঁৰ পৰিয়ালৰ বাবেই নহয়, সমগ্ৰ মণিপুৰৰ বাবেও গৌৰৱৰ মুহূৰ্ত । পেৰিছ অলিম্পিকত মীৰাবাঈ চানুৰ প্ৰদৰ্শনে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে । তেওঁৰ অধ্যৱসায় আৰু উৎকৰ্ষতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিয়ে দেশৰ জনসাধাৰণৰ বাবে উদাহৰণ হিচাপে কাম কৰে বুলিও সেনাই উল্লেখ কৰে ।
ভাৰতীয় সেনাই বিজ্ঞপ্তিটোত কয়, “ভাৰতীয় সেনাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰা ক্ৰীড়া আৰু খেলুৱৈসকলক নিৰন্তৰ সমৰ্থন আৰু উৎসাহিত কৰি আহিছে । মীৰাবাঈ চানুৰ এই স্বীকৃতি সমগ্ৰ দেশতে ক্ৰীড়া প্ৰতিভা উদযাপনৰ বাবে সেনাৰ এই প্ৰতিশ্ৰুতিৰ অংশ ।”
উল্লেখ্য যে, পেৰিছ অলিম্পিকত মহিলাৰ ভাৰোত্তোলন প্ৰতিযোগিতাত মীৰাবাঈ চানুৱে চতুৰ্থ স্থান দখল কৰে । পদক লাভ কৰিব নোৱাৰিলেও তেওঁৰ প্ৰদৰ্শনত আপ্লুত হৈছে দেশবাসী । পেৰিছৰ পৰা আহি বাসগৃহত উপস্থিত হোৱাৰ পিচতে বিভিন্নজনে তেওঁক সাক্ষাৎ কৰাৰ লগতে অভিনন্দনো জ্ঞাপন কৰিছে(Indian Army honours Mirabai Chanu for fine performance in Paris Olympics)।
লগতে পঢ়ক : Two smuggler arrested in Lakhimpur with fake gold : লখিমপুৰত নকল সোণৰ নাওসহ গ্ৰেপ্তাৰ দুই বেপাৰীক