Indian Army, Assam Rifles recover arms, ammunition from Manipur : মণিপুৰৰ কাকচিং জিলাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী

নিউজ ডেস্ক, ৮আগষ্ট : পুনৰ হিংসা জৰ্জৰ মণিপুৰৰ কাকচিং জিলাত ভাৰতীয় সেনাৰ সৈতে অসম ৰাইফলছৰ যুটীয় অভিযান( Indian Army, Assam Rifles recover arms, ammunition from Manipur) ।
ভাৰতীয় সেনাৰ সৈতে অসম ৰাইফলছে বুধবাৰে চলোৱা এই অভিযানত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী ৷
জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত আছে এটা এ কে ৰাইফল, এটা 12 ব’ৰ একনলীয়া ৰাইফল, দুটা 9 এম এম পিষ্টল, 11 টা গ্ৰেণেড, কেইবাজাঁই সজীৱ গুলী আৰু অন্যান্য কেতবোৰ বিস্ফোৰক সামগ্ৰী ৷ জব্দকৃত সামগ্ৰীবোৰ অধিক অনুসন্ধানৰ স্বাৰ্থত মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে( Indian Army, Assam Rifles recover arms, ammunition from Manipur’s Kakching) ।