Local, Vocal, Global

Indian Air Force Day 2024: আজি ভাৰতীয় বায়ু সেনা দিৱস

নিউজ ডেস্ক,৮অক্টোবৰ : আজি ভাৰতীয় বায়ু সেনা দিৱস ।প্ৰতিবছৰে ৮অক্টোবৰ দিনটোত ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়। ভাৰতীয় বায়ু সেনাক ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে জাগ্ৰত কৰি ৰখাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।এই বৰ্ষত দেশে ভাৰতীয় বায়ু সেনাৰ ৯২ তম বাৰ্ষিকী উদযাপন কৰে(Indian Air Force Day 2024)।

১৯৩২ চনৰ ৮ অক্টোবৰৰ দিনটোটে ব্ৰিটিছ সাম্ৰাজ্যই ভাৰতীয় বায়ু শক্তিক আনুষ্ঠানিকভাৱে স্থাপন কৰিছিল। যিহেতু সেই সময়ত ভাৰত ব্ৰিটিছসকলে শাসন কৰিছিল। ভাৰতীয় বায়ু সেনা তিনিটা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অন্যতম এক শক্তি ।ভাৰতীয় বায়ু সেনাৰ প্ৰধান লক্ষ্য ভাৰতীয় আকাশমাৰ্গ সুৰক্ষিত ৰখাৰ লগতে আৰু সংঘাতৰ সময়ত বিমানৰ কাৰ্যকলাপ পৰিচালন কৰা।

১৯৩৩ চনৰ ১ এপ্ৰিলত ভাৰতীয় বায়ু সেনাই প্ৰথম এচি বিমানৰ আৰম্ভনি কৰা হৈছিল । ব্ৰিটিছ শাসনত, ভাৰতীয় বায়ু সেনাক ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চ বুলি কোৱা হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ স্বাধীনতাৰ পিছত ১৯৫০ চনত ই এক ভাৰতীয় বায়ু সেনালৈলৈ ৰূপান্তৰিত হয়।

লগতে পঢ়ক :Election Results 2024 :আজি ঘোষণা হ’ব দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল