India vs South Africa T20 World Cup final : আজি অনুষ্ঠিত হ’ব টি 20 বিশ্বকাপৰ ফাইনেল

নিউজ ডেস্ক,২৯জুন : আজি অনুষ্ঠিত হ’ব টি 20 বিশ্বকাপৰ ফাইনেল ৷ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব টি 20 বিশ্বকাপৰ ফাইনেল ৷ বিগত ১০ বছৰৰ পিছত ভাৰতে টি 20 বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হৈছে দক্ষিণ আফ্ৰিকা ৷ সেয়ে মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ(India vs South Africa T20 World Cup final) ।
প্ৰায় এমাহৰ যুঁজৰ অন্তত ভাৰত আৰু দক্ষিণ আফ্ৰিকা এতিয়া টি-২০ বিশ্বকাপ ২০২৪ৰ ফাইনেলত। ছেমিত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে, দক্ষিণ আফ্ৰিকাই পৰাস্ত কৰে আফগানিস্তানক।
শনিবাৰৰ ফাইনেলত মুখামুখি হ’ব ৰোহিত শৰ্মা আৰু এডেন মাৰ্কৰামৰ দল। বাৰ্বাডোজৰ ব্ৰিজটাউনত হ’ব মেগা ফাইনেল। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত ফাইনেল খেল।