India vs Australia World Cup 2023 final : আজি অনুষ্ঠিত হ’ব আইচিচি বিশ্বকাপ ২০২৩ ৰ ফাইনেল;ফাইনেল খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ভাৰতীয় দলটোলৈ অভিনন্দন প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীৰ
স্পৰ্টছ ডেস্ক, ১৯ নৱেম্বৰ : আজি অনুষ্ঠিত হ’ব আইচিচি বিশ্বকাপ ২০২৩ ৰ ফাইনেল ৷ আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইচিচি বিশ্বকাপ ২০২৩ ফাইনেল । এই খেলখনক লৈ ক্ৰিকেত অনুৰাগীৰ মনত ব্যাপক উন্মাদনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে বিচিচিআইৰ সদস্য, প্ৰাক্তন ক্ৰিকেটাৰ, সাংসদ, ৰাজনৈতিক নেতা আৰু অভিনেতাসকলে ফাইনেল খেলখনৰ বাবে দলটোলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে(“Final match is going to be very exciting,” Former cricketer Manoj Tiwary extends wishes to Team India) ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে পশ্চিমবংগ চৰকাৰৰ যুৱ সেৱা আৰু ক্ৰীড়ামন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে ভাৰতীয় দলটোলৈ অভিনন্দন জনাই কয় যে চূড়ান্ত খেলখন অতি ৰোমাঞ্চকৰ হ’ব ।প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে কয়, “টিম ইণ্ডিয়ালৈ অভিনন্দন । এই মেচখন (ফাইনেল) অতি ৰোমাঞ্চকৰ হ’ব । অষ্ট্ৰেলিয়া এটা শক্তিশালী দল ৷ আনহাতে, ভাৰতীয় দলটোৱে 10 খন মেচ খেলি আটাইকেইখনতে জয়ী হৈছে বাবে খেলখন তীব্ৰ প্ৰতিদ্বন্দী হ’ব আৰু ক্ৰিকেট প্ৰেমীসকলে এই মেচখন যথেষ্ট উপভোগ কৰিব’’ ।
তিৱাৰীয়ে লগতে কয়, “ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈৰে প্ৰদৰ্শন ভাল ৷ ৰোহিত শৰ্মাৰ অধিনায়কত্বও ভাল ৷ মহম্মদ চামীৰ বলিং প্ৰতিভা সঁচাকৈয়ে চমকপ্ৰদ’’ ।উল্লেখ্য যে, বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে 70 ৰাণৰ বৃহৎ ব্যৱধানত ভাৰতে ফাইনেলত প্ৰৱেশ কৰে । ৰোহিত শৰ্মা আৰু শুভমান গিলৰ চমকপ্ৰদ আৰম্ভণিৰ পাচত বিৰাট কোহলী আৰু শ্ৰেয়ছ আয়াৰে শতক অৰ্জনেৰে ভাৰতক এক বৃহৎ লক্ষ্যৰ দিশে আগুৱাই লৈ যায় ।
আজি অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় দলটোত থাকিব – ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ চামী, ৰবিচন্দ্ৰন অশ্বিন, ঈশান কিষান, প্ৰসিদ্ধ কৃষ্ণ, সূৰ্যকুমাৰ যাদৱ(India vs Australia World Cup 2023 final) ৷) ৷