Local, Vocal, Global

India Squad for Zimbabwe T20 Series Announced: ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ অসমৰ ৰিয়ান পৰাগৰ

নিউজ ডেস্ক,২৪জুন : BCCI-ৰ আনুষ্ঠানিকভাৱে ঘোষণা । ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ অসমৰ ৰিয়ান পৰাগৰ ।জিম্বাব’ৱেৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ ৰিয়ান পৰাগৰ।

টি-২০ বিশ্বকাপৰ পিছতে জিম্বাবৱে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। টি-২০ বিশ্বকাপৰ পিছতে জিম্বাবৱেত অনুষ্ঠিত ৫খন মেচৰ টি-২০ শৃংখলা। এই দলত স্থান লাভ কৰিলে অসমৰ ৰিয়ান পৰাগে। আইপিএলত সুন্দৰ প্ৰদৰ্শনৰ বাবে অসমৰ ৰিয়ানে স্থান লাভ কৰিলে ভাৰতীয় দলত(India Squad for Zimbabwe T20 Series Announced)।

উল্লেখযোগ্য যে ৰিয়ান পৰাগ হ’ল ভাৰতীয় পুৰুষ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ক্ৰিকেটাৰ।

লগতে পঢ়ক : Mid day meal scam: পুনৰ খোল খাইছে সমবায় সমিতিৰ দুৰ্নীতিৰ দস্তাবেজ