Local, Vocal, Global

Hardeep Singh Nijjar murder: খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰৰ হাত থকাৰ অভিযোগ

নেশ্যনেল ডেস্ক, ১৯ছেপ্টেম্বৰ : কানাডাত খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰ্দীপ সিং নিজ্জাৰৰ গুলীচালনাত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ(Hardeep Singh Nijjar murder)। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰৰ হাত থকাৰ অভিযোগ উত্থাপন কৰে । সেই অভিযোগত কানাডাই সোমবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদকো বহিষ্কাৰ কৰে(India rejects Canada allegation on involvement in death of Khalistan Tiger Force chief Hardeep Singh Nijjar) ।

উল্লেখ্য যে, কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যুৰ পাছৰে পৰা ভাৰত চৰকাৰ আৰু কানাডা চৰকাৰৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটা দেখা গৈছে । খালিস্তান নেতাগৰাকীৰ হত্যাত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ কৰিছে কানাডা চৰকাৰে । কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই অভিযোগ নস্যাৎ কৰিছে ভাৰত চৰকাৰে(India Rejects Canada Allegations Over Hardeep Singh Nijjar Death) ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কানাডা চৰকাৰৰ অভিযোগসমূহক অযৌক্তিক আৰু অনুপ্ৰেৰিত বুলি অভিহিত কৰিছে । বিবৃতিত কোৱা হৈছে যে ভাৰতে সংসদত কানাডাৰ প্ৰধানমন্ত্ৰীৰ বক্তব্য দেখিছে আৰু সেই অভিযোগক অস্বীকাৰ কৰিছে ।এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে ভাৰত চৰকাৰে কানাডাত যিকোনো হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ নস্যাৎ কৰিছে ।

বিবৃতিটোত আনুষ্ঠনিকভাৱে কোৱা হৈছে যে, কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওচৰতো একে ধৰণৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাক সম্পূৰ্ণৰূপে নাকচ কৰা হৈছিল। লগতে বিজ্ঞপ্তিটোত কোৱা হৈছে যে ভাৰত আইনৰ শাসনৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ ।কানাডাৰ এনে ধৰণৰ ভিত্তিহীন অভিযোগবোৰে কানাডাত আশ্ৰয় দিয়া খালিস্তানী সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীসকলৰ পৰা মনোযোগ আঁতৰাব বিচাৰিছে । যি খালিস্তানে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাবুকি অব্যাহত ৰাখিছে । এই বিষয়ত কানাডিয়ান চৰকাৰৰ নিষ্ক্ৰিয়তা দীৰ্ঘদিনীয়া বুলি অভিযোগ কৰে ভাৰত চৰকাৰে(India rejects GoI involved in killing of Sikh leader Hardeep Singh Nijjar claim) ।

ভাৰত চৰকাৰে এক বিজ্ঞপ্তিত অভিযোগ কৰিছে যে হত্যা, মানৱ সৰবৰাহ আৰু সংগঠিত অপৰাধকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপক কানাডাত স্থান দিয়াটো নতুন বিষয় নহয় । ভাৰতে চৰকাৰক এনে ধৰণৰ বিষয়ৰ সৈতে সংযোগ কৰাৰ কানাডাৰ যিকোনো প্ৰচেষ্টাক কঠোৰভাৱে প্ৰত্যাখ্যান কৰিছে ।

লগতে পঢ়ক :Missing F 35 jet : অৱশেষত উদ্ধাৰ সন্ধানহীন আমেৰিকাৰ যুঁজাৰু বিমান এফ-৩৫