India may buy 26 Rafale jets: ভাৰতে ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ২৬খন ৰাফেল, ৩খন স্কোৰ্পিন চাবমেৰিন
নেশ্যনেল ডেস্ক, ১০ জুলাই: প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শেহতীয়া এক গুৰুত্বপূৰ্ণ ডেভলপমেণ্ট অনুসৰি ভাৰতে ফ্ৰান্সৰ পৰা ২৬খন ৰাফেল যুদ্ধ বিমান (India to buy 26 Rafales) আৰু তিনিখন স্ক’ৰপিন শ্ৰেণীৰ চাবমেৰিন (Scorpene submarines from France) ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে ।
চৰকাৰী সূত্ৰই সংবাদ প্ৰতিষ্ঠান এ এন আইক জনোৱা অনুসৰি, প্ৰতিৰক্ষা বাহিনীয়ে ইতিমধ্যে এই প্ৰস্তাৱ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সন্মুখত দাখিল কৰিছে । এই প্ৰস্তাৱটো চলিত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফ্ৰান্স ভ্ৰমণৰ সময়ত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে (Prime Minister Narendra Modis visit to France this week) ।
প্রস্তাৱ অনুসৰি ভাৰতীয় নৌসেনাই চাৰিখন প্রশিক্ষক বিমানৰ লগতে ২২খন একক আসনৰ ৰাফেল সামুদ্ৰিক বিমান (Rafale Marine aircraft) লাভ কৰিব ৷
দেশজুৰি নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নৌসেনাই এই যুঁজাৰু বিমান আৰু চাবমেৰিনৰ অভাৱৰ কথা উল্লেখ কৰি ইয়াক জৰুৰীভাৱে অধিগ্ৰহণৰ বাবে পূৰ্বৰে পৰাই হেঁচা প্ৰয়োগ কৰি আহিছিল (Security challenges around India) ।
বিমান বাহক জাহাজ আই এন এছ বিক্ৰমাদিত্য (Aircraft carriers INS Vikramaditya ) আৰু বিক্ৰান্ত (Aircraft carriers Vikrant )ই মিগ-২৯ বিমানক পৰিচালনা কৰি আহিছে যদিও দুয়োখন বিমান বাহক জাহাজৰ কেৰিয়াৰত চলাচলৰ বাবে ৰাফেলৰ প্ৰয়োজন।
ইফালে, তিনিখন স্কৰপিন শ্ৰেণীৰ চাবমেৰিন Project 75-ৰ অংশ হিচাপে নৌসেনাই পুনৰাবৃত্তি ধাৰাৰ অধীনত অধিগ্ৰহণ কৰিব আৰু এই তিনিখন চাবমেৰিনক মুম্বাইৰ মাজাগন ডকয়াৰ্ডছ লিমিটেড(Mazagon Dockyards Limited)ৰ কাৰখানাত নিৰ্মাণ কৰা হ’ব ।
এই চুক্তিৰ মূল্য ৯০ হাজাৰ কোটি টকাৰ ওপৰত হ’ব বুলি অনুমান কৰা হৈছে যদিও চুক্তি স্বাক্ষৰ সম্পূৰ্ণ হোৱাৰ পিছতহে চূড়ান্ত ব্যয় স্পষ্ট হ’ব ।
এক বিশেষ সূত্ৰই জনোৱা মতে, এই চুক্তিত ভাৰতে মূল্যৰ ৰেহাই বিচৰাৰ সম্ভাৱনা আছে আৰু এই পৰিকল্পনাটোত অধিক ‘মেক-ইন-ইণ্ডিয়া’ সমল ৰখাৰ ওপৰত জোৰ দিব।
লগতে আন এক সূত্ৰই জনোৱা মতে, ৰাফেল এম চুক্তি (Rafale M deal)ৰ বাবে ভাৰত আৰু ফ্ৰান্সে ৩৬ খন যুঁজাৰু বিমানৰ বাবে পূৰ্বৰ ৰাফেল চুক্তিৰ দৰেই এই নতুন চুক্তি তৈয়াৰ কৰিবলৈ এটা যুটীয়া দল গঠন কৰাৰ সম্ভাৱনা আছে ।
এই প্ৰস্তাৱসমূহ প্ৰতিৰক্ষা মন্ত্ৰালয়ত উচ্চ পৰ্যায়ৰ বৈঠকত ইতিমধ্যেআলোচনা কৰা হৈছে আৰু অহা কেইদিনমানৰ ভিতৰত প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ সন্মুখত ৰখাৰ সম্ভাৱনা আছে । লগতে এই চুক্তি ফ্ৰান্সত ঘোষণাৰ পূৰ্বে চৰকাৰে ইয়াক Acceptance of Necessity প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক: Rajnath Singh visit to Malaysia : তিনিদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যাত্ৰা আৰম্ভ ৰাজনাথ সিঙৰ