Local, Vocal, Global

India finance minister presents interim budget for 2024/25 : সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে দেশৰ অন্তৱৰ্তীকালীন বাজেট

নিউজ ডেস্ক, ১ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে সংসদত ২০২৪ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত পুৱা ১১ বজাত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে। এই অন্তৱৰ্তীকালীন বাজেটখন প্ৰথমে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনাইছিল, তাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অনুমোদন লাভ কৰিছিল(India finance minister presents interim budget for 2024/25)।

সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে দেশৰ অন্তৱৰ্তীকালীন বাজেট

২০২৪ বৰ্ষত ৫.৮ শতাংশ বিত্তীয় ঘাটি

২০২৫ বৰ্ষৰ বাবে ৫.১ শতাংশ বিত্তীয় ঘাটিৰ লক্ষ্য

বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা

ভাড়াতীয়া মধ্যম আয়ৰ লোকলৈ চৰকাৰী ঘৰ

৭ লাখ টকালৈ আয়কৰ ৰেহাই, কৰ্পৰেট টেক্স ২২ শতাংশলৈ হ্ৰাস

লাখপতি দিদি আঁচনিযোগে ৮৩ লাখ আত্মসহায়ক গোটলৈ সাহায্য

জিলা হাস্পতালক মেডিকেল কলেজ গঢ়ি তুলিবলৈ কমিটী

সামৰিক ক্ষেত্ৰলৈ ১,১১,১১১ কোটি টকা আৱন্টন

নেন’ ইউৰিয়া,নেচাৰেল গেছ ব্যৱহাৰৰ সম্প্ৰসাৰণ

আয়ুস্মান ভাৰতে সামৰি ল’ব আশা,অংগনবাড়ী কৰ্মীক

ডাঙৰ চহৰত নমো মেট্ৰ’, ক্ষুদ্ৰ চহৰলৈ মেট্ৰ’, ৪০ হেজাৰ বন্দে ভাৰত দবা

১০ বছৰত ১৪৯টা বিমান বন্দৰ, লক্ষদ্বীপলৈ পৰ্যটন বৃদ্ধিৰ প্ৰয়াস

দুগ্ধ পালকলৈ সাহায্য, দেশত স্থাপন হ’ব ৫ খন একুৱা পাৰ্ক

মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল নতুন সংসদ ভৱনত

অহা জুলাই মাহত সংসদত দাখিল হ’ব দেশৰ পূৰ্ণাংগ বাজেট