India Expels A Senior Canadian Diplomat : ৫ দিনৰ ভিতৰতে ভাৰত এৰি যাবলৈ নিৰ্দেশ জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক

নিউজ ডেস্ক, ১৯ছেপ্টেম্বৰ : কানাডাক প্ৰত্যুত্তৰ ভাৰতৰ । কানাডা খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰ্দীপ সিং নিজ্জাৰৰ হত্য়াৰ লগত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা ফাঁট মেলিছে ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ মাজত(India Expels A Senior Canadian Diplomat) । কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে সোমবাৰে কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰৰ হাত থকাৰ অভিযোগ উত্থাপন কৰে । সেই অভিযোগত কানাডাই সোমবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদকো বহিষ্কাৰ কৰে( India asks Canadian diplomat Olivier Sylvestere to leave nation in next 5 days) ।
ইয়াৰ প্ৰত্যুত্তৰ দিব ভাৰতে। প্ৰত্যুত্তৰত ভাৰতেও এগৰাকী জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে । লগতে তেওঁক ৫ দিনৰ ভিতৰতে ভাৰত এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰে।
উল্লেখ্য যে,কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰৰ মৃত্যুৰ পাছৰে পৰা ভাৰত চৰকাৰ আৰু কানাডা চৰকাৰৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটা দেখা গৈছে । খালিস্তান নেতাগৰাকীৰ হত্যাত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ কৰিছে কানাডা চৰকাৰে । কানাডাৰ প্ৰধানমন্ত্ৰীৰ এই অভিযোগ নস্যাৎ কৰিছে ভাৰত চৰকাৰে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে সংসদত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে(India expels senior Canadian diplomat in response to Trudeau govt action) ।
এই হত্যাকাণ্ডৰ লগত ভাৰতীয় কূটনীতিবিদ জড়িত থকাৰ অভিযোগ কৰি তেওঁক বহিষ্কাৰো কৰিছে কানাডা চৰকাৰে । কানাডা চৰকাৰৰ এনে পদক্ষেপৰ পাছতে ভাৰতত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে । ভাৰত চৰকাৰে কানাডা চৰকাৰৰ এনে পদক্ষেপৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।ভাৰত চৰকাৰে কানাডাৰ এই অভিযোগ নস্যাৎ কৰাৰ লগতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাৰ উচ্চায়ুক্তক দিল্লীলৈ মাতি পঠিয়াইছে( Senior Canadian diplomat expelled after Canadian High Commissioner summoned by MEA) ।
উল্লেখ্য যে, হৰদীপ সিং নিজ্জাৰক ১৮ জুনত ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ এটা শিখ সাংস্কৃতিক কেন্দ্ৰৰ বাহিৰত গুলীয়াই হত্যা কৰিছিল । কানাডা চৰকাৰে বৰ্তমানেও এই হত্যাকাণ্ড গোচৰৰ তদন্ত চলাই আছে ।
লগতে পঢ়ক :Hardeep Singh Nijjar murder: খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰৰ হাত থকাৰ অভিযোগ