Local, Vocal, Global

INDIA bloc to hold maha rally on March 31 to safeguard democracy : ৩১ মাৰ্চত দিল্লীত হ’ব কংগ্ৰেছ, আম আদমি পাৰ্টী আৰু অন্যান্য বিৰোধী দলসমূহৰ বৃহৎ ৰেলী

নেশ্যনেল ডেস্ক,২৫মাৰ্চ : ৩১ মাৰ্চত দিল্লীত হ’ব কংগ্ৰেছ, আম আদমি পাৰ্টী আৰু অন্যান্য বিৰোধী দলসমূহৰ বৃহৎ ৰেলী । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে হ’ব এই ৰেলী।এই ৰেলীত অংশগ্ৰহণ কৰিব ‘ইণ্ডিয়া’ ব্লকৰ সকলো দলে(INDIA bloc’s mega rally on March 31 over Arvind Kejriwal’s arrest) ।

দেওবাৰে এক যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰে । অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে দিল্লীৰ মন্ত্ৰী গোপাল ৰায়, দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰবিন্দৰ সিং লাভলী আৰু বাওঁপন্থী নেতাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

গোপাল ৰায়ে কয়, ৩১ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব এই ৰেলী । এই ৰেলীৰ বাবে অনুমতি লোৱা হ’ব আৰক্ষী আৰু প্ৰশাসনৰ পৰা । অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কথিত সুৰা কেলেংকাৰীত আজিলৈকে চিবিআই বা ইডিয়ে কোনো ধনৰ লেনদেনৰ তথ্য পোৱা নাই বুলি তেওঁ দাবী কৰে(INDIA bloc to hold maha rally on March 31 to safeguard democracy) ।

তেওঁ কয় যে নিৰ্বাচনৰ ঠিক পূৰ্বে কংগ্ৰেছ দলৰ একাউণ্ট ফ্ৰীজ কৰা হৈছে । আজি কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰৰ বাবে নিজৰ একাউণ্টৰ পৰা ধন ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই । তেওঁ কয় যে যদি এনে পুৰণি দলৰ একাউণ্ট ফ্ৰীজ কৰিব পাৰে তেন্তে তেওঁলোকক অনুদান দিয়া ব্যৱসায়ীসকলৰ একাউণ্টো ফ্ৰীজ কৰিব পাৰি বুলি তেওঁ দাবী কৰে । ৰাইজৰ স্বাধীনতাৰ উলংঘন হৈছে বুলি তেওঁ দাবী কৰে ।

লগতে পঢ়ক : Two arrested for assaulting Police home guard : গৃহৰক্ষী জোৱানক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সঞ্জয় লামা আৰু টুটু বৰা