Local, Vocal, Global

Asian Games 2023 boxing : এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোহাঁইৰ;থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত অসম কন্যাৰ

নিউজ ডেস্ক, ৩অক্টোবৰ : পুনৰ বিশ্ববাসীৰ আগত ৰাজ্যবাসীৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যাই(India At Asian Games 2023 Women Boxing) । এছিয়ান গেমছ ২০২৩ত ভাৰতৰ বক্সাৰ লাভলিনা বৰগোহাঁইৰ পদক নিশ্চিত । থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে জয়ী হৈ এছিয়ান গেমছৰ বক্সিঙৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ। অসম সন্তান লাভলিনাই এছিয়ান গেমছৰ বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে(Lovlina Borgohain Enters Final Preeti Pawar Wins Bronze Medal)।

অসম কন্যা লাভলীনাই ছেমি ফাইনেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বী বেইচন মানেকনক (Baison Maneekon) পৰাস্ত কৰে। ইয়াৰ লগতে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে অসম কন্যাগৰাকীয়ে।

উল্লেখ্য যে, এছিয়ান গেমছ ২০২৩ত ৰূপৰ পদক নিশ্চিত হোৱা লাভলীনা প্ৰথমগৰাকী ভাৰতীয় বক্সাৰ(Asian Games 2023 boxing)।

চলিত বছৰতে অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বপত সোণৰ পদক অৰ্জন কৰিছিল লাভলীনাই। পূৰ্বে লাভলীনাই দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । কিন্তু টকিঅ’ অলিম্পিকৰ পদক জয়ৰে গঢ়ি উঠা আত্মবিশ্বাস আৰু অভিজ্ঞতাৰে পুষ্টহৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাগ লৈ লাভলীনাই এইবাৰ লাভ কৰিছিল সোণৰ পদক।

বিশ্ব চেম্পিয়নশ্বি লাভলীনাৰ হাতত আছে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ, অলিম্পিকৰ পদক আৰু লগতে সংযোজিত হ’ল এছিয়ান গেমছৰ পদক।

লগতে পঢ়ক :Capital punishment to top ULFA leader: মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হ’ল আলফা (স্বাঃ)ৰ সদস্যক