Independence Day 2024: নগাঁৱত ৭৮ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন কৰে অতুল বৰাই

নিউজ ডেস্ক,১৫আগষ্ট : আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশে উলহ–মালহেৰে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতাৰ দিন। সমগ্ৰ দেশৰ লগতে নগাঁৱতো ৰাষ্ট্ৰৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই(Independence Day 2024)।
কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মন্ত্ৰী অতুল বৰাই ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ সকলৰ চৰম ত্যাগ আৰু মুক্তি যুঁজাৰু সকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। দেশৰ স্বাধীনতা সংগ্ৰামত নগাঁও জিলাৰ অপৰিসীম অৱদান আগবঢ়োৱা তথা শ্বহীদ ভোগেশ্বৰী ফুকননী, বলো সুত, থগী সুতকে ধৰি বীৰ বীৰাংগনা সকলৰ অমৰ দেশ প্ৰেম আজিও অসম বুৰঞ্জীৰ পাতত সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ আছে।
স্বাধীনতা দিৱস উপলক্ষে মন্ত্ৰী বৰাই প্ৰদান কৰা চমু ভাষণত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়ণ মূলক আচঁনি ৰূপায়ন তথা নগাঁও জিলাত চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনি সমূহৰ সন্দৰ্ভতো এক চমু খতিয়ানো দাঙি ধৰে। ইয়াৰ পাছতে কৃষি মন্ত্ৰী অতুল বৰাই আৰক্ষী, গৃহৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কুচ-কাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে ধৰি মুক্তি যুঁজাৰু, বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে(Independence Day 2024)।
লগতে পঢ়ক :Drugs peddler arrested along with drugs : কাছাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী