Local, Vocal, Global

Independence Day 2024 : সমাগত স্বাধীনতা দিৱস উপলক্ষে চাপৰত ব্যাপক প্ৰস্তুতি

চাপৰ,১২আগষ্ট : সমাগত স্বাধীনতা দিৱস । ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি ব্যাপক প্ৰস্তুতি। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত চাপৰ’ৰ বীৰ বিৰছামুণ্ডা ষ্টেডিয়ামত মহিলা ক্ৰীড়া দিৱস অনুষ্ঠান আয়োজন(Independence Day 2024) ।

প্ৰায় দুই শতাধিক কন্যা শিশু সহ প্ৰায় শতাধিক মহিলাৰ কাৰ্যসূচীত অংশগ্ৰহণ। বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত মূলক খেল অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ প্ৰতিটো খেলত মহকুমা প্ৰশাসনৰ লগতে বিলাসীপাৰা মহকুমাৰ মহকুধীপতি সৃষ্টি সিং খেল সমূহত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, অনুষ্ঠানটোৰ লক্ষ্য আছিল মহিলাসকলৰ মাজত ক্ৰীড়াবিদ্যা আৰু সামূহিক মনোভাৱক প্ৰসাৰিত কৰা। বৈচিত্ৰময় খেলৰ শৃংখলে অংশগ্ৰহণকাৰী সকলৰ উৎসাহ আৰু প্ৰতিভা প্ৰদৰ্শন কৰা। এই পদক্ষেপে স্বাধীনতা দিৱসৰ তাৎপৰ্যক সন্মান জনোৱাই নহয় ক্ৰীড়া আৰু সামূহিক কাম-কাজত মহিলাসকলৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

লগতে পঢ়ক : Land centric clash : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত; সংঘৰ্ষত আহত ১০ জনকৈ লোক