Income Tax Department Raids Multiple Locations Linked To Pratiksha Hospital Owner : প্রতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ প্রমোদ শৰ্মা বাসগৃহত আয়কৰ বিভাগৰ অভিযান

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : মহানগৰীত আয়কৰ বিভাগৰ অভিযান । আয়কৰ বিভাগৰ অভিযান প্রতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰীৰ বাসগৃহত ।
জানিব পৰা মতে, বৃহস্পতিবাৰে প্রতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ প্রমোদ শৰ্মা বাসগৃহত আয়কৰ বিভাগে অভিযান চলাই ।
উল্লেখ্য যে আয়কৰ বিভাগে প্রতীক্ষা হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ প্ৰমোদ শৰ্মাৰ সৈতে জড়িত বিভিন্ন স্থানত অভিযান আৰম্ভ কৰিছে। অব্যাহত থকা অভিযানৰ ভিতৰত গুৱাহাটীত ডাঃ শৰ্মাৰ বাসগৃহ আৰু চিকিৎসালয় চৌহদত তালাচী চলোৱাৰ কথাও জানিব পৰা গৈছে(Income Tax Department Raids Multiple Locations Linked To Pratiksha Hospital Owner)।
সূত্ৰৰ পৰা জানিব পৰা মতে আয়কৰ বিভাগৰ এটা দলে গুৱাহাটীৰ একাধিক স্থানত অভিযান চলাই আছে। চিকিৎসালয়খনৰ বিৰুদ্ধে বিশাল কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে । চিকিৎসালয়খনৰ সকলো উপাৰ্জন বিধিগতভাৱে লিপিবদ্ধ নকৰাৰ অভিযান আয়কৰ বিভাগৰ । অভিযোগ অনুসৰি চিকিৎসালয়খনে আইনী আয় ৰেকৰ্ডিং পদ্ধতি মানি চলা নাই(IT department raids Pratiksha Hospital owner’s residence, hospital on charges of tax evasion)।
লগতে পঢ়ক : Vaishali Express Train Fire : পুনৰ চলন্ত ৰে’লত অগ্নিকাণ্ড; আহত ১৯ জন যাত্ৰী