Local, Vocal, Global

Watch | Incident of attack on the police again: পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা

অভয়াপুৰী: নলবাৰী কাণ্ডৰ পিছতেই ৰাজ্যখনত পুনৰ আৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম।সৃজনগ্ৰামৰ দৰকিনামাৰী গাঁৱত এটি পথ নিৰ্মানক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত হোৱা বিবাদ নিস্পত্তি কৰিবলৈ যোৱা আৰক্ষী দলৰ ওপৰত আক্ৰমণ একাংশৰ।

আক্ৰমণত বৰঘোলা আৰক্ষী চকীৰ গৃহৰক্ষী জোৱান সহ চাৰিগৰাকী আৰক্ষী আহত হোৱাৰ লগতে আৰক্ষীয়ে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনৰ ক্ষতিসাধন। ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া সহ এটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আহত আৰক্ষীক চিকিৎসাৰ বাবে চিকিৎসালয় লৈ প্ৰেৰণ। ঘটনাৰ সৈতে জড়িতৰ সন্দেহত দুজনক আৰক্ষীয়ে আটক কৰে। আটকাধীন অভিযুক্ত দুজন বুদ্ধিশ্বৰ আৰ্য্য আৰু গুণধৰ আৰ্য্য ।