শিৱসাগৰ নগৰৰ আমোলাপট্টিত অঘটন

নিউজ ডেস্ক : মঙলবাৰে শিৱসাগৰ জিলাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। শিৱসাগৰ নগৰৰ আমোলাপট্টি অঞ্চলত এটা নিৰ্মীয়মান ভৱনৰ পৰা পৰি মৃত্যু হৈছে এজন শ্ৰমিকৰ।
খবৰ অনুসৰি, শ্ৰমিকজনে কাম কৰি থাকোতে পিছল খাই ভৱনটোৰ পৰা বাগৰি পৰি মৃত্যুক আঁকোৱালি লয়।
উল্লেখ্য যে, মৃতব্যক্তি জনক দেৱেশ্বৰ কোঁৱৰ বুলি চিনাক্ত কৰা হৈছে।
ঘটনাটোৰ পিছত, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।