Local, Vocal, Global

Watch | Inauguration ceremony of Charaideo Hunchari group: বিহুৰ উপলক্ষে চৰাইদেউ হুঁচৰি দলৰ শুভাৰম্ভণি অনুষ্ঠান

সোণাৰি: বৰ বিহুৱা প্ৰয়াত ফিৰোজ কোঁৱৰৰ ঐক্যন্তিক প্ৰচেষ্টাত ১৯৯৪ চনত সোণাৰিত গঠিত হোৱা চৰাইদেউ হুঁচৰি দল বৰ্তমান অসমৰ এটা অতি জনপ্ৰিয় বিহু দল। ২০০৮ চনৰ পৰা সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তত্বাৱধানত পৰিচালিত হৈ অহা দলটোৰ নিৰ্বাচিত শিল্পী সকলে কালিৰ পৰা আখৰা আৰম্ভ কৰিছে। এই উপলক্ষে কালি নিশা আয়োজিত শুভাৰম্ভণি অনুষ্ঠানত সোণাৰিৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে ডাঃ পল্লাৱ মহন্ত, হেমন্ত গদুকা, মণি গগৈ, ডিম্বেশ্বৰ কোঁৱৰ, মৃত্যুঞ্জয় দাস, অনুপ মহন, প্ৰশান্ত দত্ত আদি উপস্থিত থাকে।