Local, Vocal, Global

শিৱৰ দেশত ভাং খালে জেইল, আমেৰিকাত আকৌ গ্ৰীণ ছিগনেল

নিউজ ডেস্ক: কেনবিয়াছ, মাৰিজোৱানা অৰ্থাৎ গাঞ্জা৷ গাঞ্জা বিশ্বৰ প্ৰায়সমূহ দেশতে নিষিদ্ধ৷ এনে সময়তে আমেৰিকাই লৈছে এক নতুন পদক্ষেপ৷ গাঞ্জাৰ ব্যৱহাৰ ক্ৰমান্বয়ে শিথিল কৰাৰ দিশে অগ্ৰসৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ গাঞ্জাৰ ব্যৱহাৰ অথবা ব্যৱসায়ত জড়িত হাজাৰ হাজাৰ লোকক বৃহস্পতিবাৰে ক্ষমাদান কৰি মুকলিৰ পথ প্ৰশস্ত কৰিছে আমেৰিকাই৷ প্ৰায় ৬,৫০০ কাৰাৰুদ্ধ লোকে লাভ কৰে ক্ষমাদান৷ বাইদেনে কৈছে যে যিসমূহ লোক অভিযুক্ত হৈ কাৰাবাস খাটি আছে সেইসমূহ লোক নিযুক্তি, শৈক্ষিক সুবিধা, গৃহ আদি সুবিধাৰ পৰা বঞ্চিত হোৱাটো স্বাভাৱিক৷ এনে এক পৰিস্থিতিয়ে সমাজ ব্যৱস্থাত সামগ্ৰীক প্ৰভাৱ পেলায়৷ বাইদেনৰ দাবী তেওঁৰ এই পদক্ষেপে এনে সামগ্ৰীক প্ৰভাৱ হ্ৰাস কৰিব৷ ইতিমধ্যে আমেৰিকাৰ ৪০ খন ৰাজ্যত ইটো সিটো প্ৰকাৰে গাঞ্জাৰ ব্যৱহাৰৰ বৈধতা আছে৷ চিকিৎসাজনিত কাৰণত কেনবিয়াছৰ ব্যৱহাৰত অনুমতি আছে৷


এতিয়া ৰি-ক্লাচিফিকেচনৰ জড়িয়তে গাঞ্জাৰ বৈধতাক ব্যাপক কৰি তোলা হ’ব৷ অৰ্থাৎ আমেৰিকাৰ বহু লোকে এই নতুন পদক্ষেপক আদৰি লৈছে৷ দৰাচলতে তৰুতৃণ উদ্ভিদ জ্ঞান থকা অৰ্থাৎ আয়ুৰ্বেদ শাস্ত্ৰৰে জড়িত লোকৰ মতে, আৰু আধুনিক গৱেষকৰ মতেও কোনো উদ্ভিদত যদি এক ঔষধি গুণ থাকে, কোনোটোৰ থাকে দুটা-তিনি-চাৰি ৫ অথবা দহটা পৰ্যন্ত গুণ থাকিব পাৰে৷ কিন্তু গাঞ্জাৰ আছে ৬০ হাজাৰ ঔষধি গুণ৷ যিয়ে বিভিন্ন ৰোগ নিৰাময়ত সহায় কৰে যদিহে ইয়াক উপযুক্ত পৰিমাণত ব্যৱহাৰ কৰা হয়৷ যিকোনো সোচৰা ৰোগ, বসন্তৰ পৰা কেন্সাৰ প্ৰতিৰোধলৈ কাম কৰে হেনো গাঞ্জাই৷ সেই বাবেই হয়তো মহাদেৱৰ প্ৰয়ি নিচা আছিল গাঞ্জা অথবা ভাং৷

প্ৰথম কথা গাঞ্জা, ভাঙৰ অত্যাধিক ব্যৱহাৰে এজন লোকৰ শাৰীৰিক-মানসিক স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে৷ গাঞ্জাক নিষিদ্ধ কৰি ৰখাৰ ই এটা অন্যতম কাৰণ৷ দ্বিতীয়টো কাৰণ বেছি গুৰুত্বপূৰ্ণ৷ উচিত পৰিমাণৰ গাঞ্জাৰ ব্যৱহাৰে ৰোগ প্ৰতিৰোধ কৰে৷ যিকোনো চৰকাৰৰ বাবে ই আটাইতকৈ ভয়ংকৰ কথা৷
যিকোনো অৰ্থনীতি নিৰ্ভৰ কৰে মূলত তিনিবিধ বস্তুৰ ৰাজহৰ ওপৰত৷ তৈলজাত সামগ্ৰীৰ ৰাজহ, সুৰাৰ ৰাজহ আৰু ঔষধৰ ৰাজহ৷ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহ পৰা বৃহৎ পৰিমাণৰ ৰাজহ আহে ৰাজকোষলৈ৷ঔষধৰ আছে এখন ভাবিব নোৱাৰ বিশাল বজাৰ৷ যদি সৰ্বসাধাৰণ নিৰোগী হয় তেনেহলে ঔষধ প্ৰতিষ্ঠাসমূহৰো ভাত মৰিব আৰু চৰকাৰৰ ৰাজহৰো৷ বাকী খিনি বুজিছে নহয়৷