মাৰ্ঘেৰিটাত কৰ্মৰত অৱস্থাত থকা এজন কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

ডিজিটেল ডেস্ক:- মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু ৷৷ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সমিপথত সংঘটিত হৈছে এই ঘটনা ৷ কৰ্মৰত অৱস্থাত থকা এজন কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছে ৷
কৰ্মচাৰীজন মাৰ্ঘেৰিটা ২ নং লাজুম গাৱৰ চামচুল ৰহমান বুলি জানিব পৰা গৈছে ৷ বিদ্যুৎ বিভাগৰ একাংশ কৰ্মচাৰীৰ চৰম গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে ৷
ৰাইজে ঘটনা উচিত তদন্ত বিছাৰিছে ৷ বৰ্তমান আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰন কৰিছে ৷