Manipur violence : পুনৰ মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ

নেশ্যনেল ডেস্ক,৩১অক্টোবৰ : অশান্ত মণিপুৰৰ । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । পুনৰ মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ(Manipur violence) । প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। পুনৰ মণিপুৰৰ পৰা আহিছে এক চাঞ্চল্যকৰ ঘটনাৰ খবৰ(In a shocking incident that unfolded on October 31)।
পুনৰ ৰক্তাক্ত মণিপুৰ । মঙলবাৰে পুনৰ মণিপুৰৰ পৰা আহিছে গুলীচালনাৰ ঘটনা । এইবাৰ ম’ৰে চহৰত SDPO ক গুলীয়াই হত্যা ।
উল্লেখ্য যে , মৰেহত নিয়োজিত মহকুমা আৰক্ষী বিষয়া চিংথাম আনন্দক সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। টেংগন’পাল জিলাৰ অন্তৰ্গত ইষ্টাৰ্ণ শ্বাইন স্কুল খেলপথাৰৰ ৭ নং মৰেহ ৱাৰ্ডত মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত এই ঘটনা সংঘটিত হয়।
সূত্ৰ অনুসৰি, খেলপথাৰত বন্ধুত্বপূৰ্ণ ফুটবল খেলি থকাৰ সময়তে সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে মৰেহ আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। এই আক্ৰমণত আনন্দ কুমাৰ গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, এজন স্নাইপাৰৰ গুলী তেওঁৰ পেটৰ মাজেৰে পাৰ হৈ যায় ফলত তেওঁৰ মৃত্যু হয়। নিহত আৰক্ষী বিষয়াজনৰ নাম চিংথাম আনন্দ । স্নাইপাৰ ৰাইফলেৰে গুলীয়াই হত্যা সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ ।
লগতে পঢ়ক : Assam police encounter: ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা