Imran Khan’s party to sit in Opposition in Pakistan’s Parliament : পাকিস্তানৰ নেচনেল এছেম্বলী আৰু পঞ্জাব প্ৰভিন্সিয়েল এছেম্বলীত বিৰোধী দলৰ আসনত বহিব পিটিআই দলে
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : পাকিস্তানৰ নেচনেল এছেম্বলী আৰু পঞ্জাব প্ৰভিন্সিয়েল এছেম্বলীত বিৰোধী দলৰ আসনত বহিব পিটিআই দলে।
শুকুৰবাৰে এই ঘোষণা কৰে পাকিস্তানৰ কাৰাগাৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দলটোৱে ।এই সিদ্ধান্তৰ কথা ঘোষণা কৰে পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) বেৰিষ্টাৰ আলী চৈফে ।
দলটোৱে ওমৰ আয়ুব খানক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে আৰু আছলাম ইকবালক পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰাৰ এদিন পিছতে পাকিস্তান তেহৰিক-ই-ইনচাফৰ (পিটিআই) বেৰিষ্টাৰ আলী চৈফে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে(Imran Khan’s party to sit in Opposition in Pakistan’s Parliament) ।
ইছলামাবাদৰ কৌমি ৱতন পাৰ্টী পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চৈফে কয় যে দলটোৰ প্ৰতিষ্ঠাপক ইমৰান খানৰ নিৰ্দেশনা অনুসৰি দলটোৱে কেন্দ্ৰ আৰু পঞ্জাবত বিৰোধী দলত বহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
চৈফে লগতে কয়, “আমি বিৰোধীৰ আসনত বহিবলৈ সিদ্ধান্ত লৈছোঁ । যদি আমি আমাৰ ভোট অনুসৰি আসন লাভ কৰিলোহেঁতেন আৰু যদি ফলাফল সলনি নহ’লহেঁতেন, তেন্তে হয়তো আজি আমি ১৮০ খন আসনেৰে কেন্দ্ৰত ক্ষমতাত থাকিলোঁহেঁতেন । আমাৰ প্ৰাৰ্থীসকলে জয়ী হোৱাৰ প্ৰমাণ ৪৫ নং ফৰ্ম ।” অৱশ্যে বিৰোধী দলত যোগদানৰ সিদ্ধান্তৰ পিছত দলটোৱে প্ৰধানমন্ত্ৰী আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী নিৰ্বাচনত অংশগ্ৰহণ কৰিবনে নাই সেয়া স্পষ্ট হোৱা নাই(Imran Khan’s party to sit in Opposition in Pakistan’s Parliament) ।
উল্লেখ্য যে, ৮ ফেব্ৰুৱাৰীৰ সাধাৰণ নিৰ্বাচনত পাকিস্তানে অৰ্ধ জনাদেশ লাভ কৰে । পিটিআই সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৯২ খন আসন লাভ কৰে । আনহাতে, পাকিস্তান মুছলিম লীগ-নৱাজ আৰু পাকিস্তান পিপ’লছ পাৰ্টিীয়ে ক্ৰমান্বয়ে ৭৫ আৰু ৫৪ খন আসন লাভ কৰে ।
ইয়াৰ মাজতে কেন্দ্ৰত চৰকাৰ গঠন চূড়ান্ত কৰাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া পাকিস্তান মুছলিম লীগ-নৱাজ (PML-N) আৰু পাকিস্তান পিপ’লছ পাৰ্টীৰ (PPP) সমন্বয় সমিতিৰ মাজত অনুষ্ঠিত হ’বলগীয়া বৈঠকখন পিছুৱাই দিয়া হৈছে বুলি এক সংবাদ মাধ্যমত প্ৰকাশ পাইছে(Imran Khan’s party decides to sit in Opposition at Centre, Punjab) ৷
লগতে পঢ়ক : Manipur violence : কুকি বিদ্ৰোহী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ, আহত বিএচএফ জোৱান