Prime Minister Narendra Modi tenders his resignation : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ

নিউজ ডেস্ক,৫জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ।
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে(Prime Minister Narendra Modi tenders his resignation)।
এই সপ্তাহতে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে!
সূত্ৰৰ খবৰ অনুসৰি, ৮ জুনত অৰ্থাৎ আগন্তুক শনিবাৰে সন্ধিয়া দিল্লীত মোদীৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। ইয়াকে লৈ তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব মোদী। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতত দাখিল কৰিছে পদত্যাগ পত্ৰ।
প্ৰধানমন্ত্ৰীয়ে নিজৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰাষ্ট্ৰপতিৰ হাতত। ৰাষ্ট্ৰপতিয়ে এই পদত্যাগ পত্ৰ স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলক নতুন চৰকাৰ গঠন হোৱালৈ নিজৰ পদত থকাৰ বাবে অনুৰোধ জনায়।
লগতে পঢ়ক : BSF Jawan Of Assam Passes Away : কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতনিৰ পথত ৰে’লতেই মৃত্যু BSF জোৱানৰ