IMD issues alert for several districts in Assam : ৰাজ্যৰ বিভিন্ন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এলাৰ্ট
নিউজ ডেস্ক,১জুলাই : ৰাজ্যত হৈ থকা ধাৰাসাৰ বৰষুণ মাজতে পুনৰ বতৰ বিজ্ঞান বিভাগে বৰষুণৰ আগজাননী প্ৰদান কৰিছে ।
বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি আগন্তুক সময়ত ৰাজ্যৰ ২০খন জিলাত Yellow Alert, ৪খনকৈ জিলাত Red Alert আৰু Orange Alert জাৰি কৰিছে ।
বঙাইগাঁও, কাৰ্বি আংলং, ডিমা হাচাও আৰু তিনিচুকীয়া জিলাত আগন্তুক সময়ত ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে । বতৰ বিজ্ঞান বিভাগে এই চাৰিখন জিলাত Red Alert জাৰি কৰিছে ।
ধুবুৰী, কোৰাঝাৰ, নগাঁও আৰু ডিব্ৰুগড় জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Orange Alert(IMD issues alert for several districts in Assam)।
দক্ষিণ শালমৰা, চিৰাং, বাক্সা, ওদালগুৰি, বৰপেটা, কামৰূপ, কামৰূপ(গ্ৰাম্য) , কামৰূপ(মহানগৰ), মৰিগাঁও, পশ্চিম কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।
হোজাই, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, গোলাঘাট, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।
উল্লেখযোগ্য যে অসমত হৈ ধাৰাষাৰ বৰষুণৰ ফলত বানে কাল ৰূপ ধাৰণ কৰিছে । শেহতীয়া বানত ৰাজ্যত ১২খন জিলাৰ ২ লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্রস্ত হৈছে। বানত দেওবাৰে ২জন লোকৰ মৃত্যু হয়। ৰাজ্যখনত এইপৰ্যন্ত বানৰ কৱলত পৰি ৪৪জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত ব্রহ্মপুত্রকে ধৰি পাঁচখন নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে।