Local, Vocal, Global

Imam killed by slitting throat : ইমামৰ হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ

নিউজ ডেস্ক, ৫ নৱেম্বৰ : ইমামক হত্য়াৰ ঘটনাই লৈছে নতুন মোৰ । প্ৰত্যক্ষদৰ্শীয়ে জড়িত ইমামৰ হত্য়াৰ লগত । দেওবাৰে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্য়াকাণ্ডৰ ঘটনা । জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ।

উল্লেখ্য যে, মছজিদৰ ইমামক পুৱা নামজৰ পাছতেই কোনো দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰিছিল তাৰ পিছতে অঞ্চজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ । ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী । আৰক্ষীয়ে ঘটনাসন্দৰ্ভত তদন্ত আৰম্ভ কৰে । তদন্তৰ সময়ত প্ৰথমে আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শীৰ ভাষ্য গ্ৰহণ কৰিছিল ।

প্ৰত্যক্ষদৰ্শীয়ে ভাষ্যত কয় যে ,আজান দি বহি থকাৰ সময়ত পিছফালৰ কোনো দুৰ্বৃত্তই দাৰে ডিঙি ৰেপি ইমামগৰাকীক হত্যা কৰিছিল। প্ৰত্যক্ষদৰ্শীয়ে ইমামক বচাবলৈও চেষ্টা কৰিছিল যদিও নোৱাৰিলে বুলি উল্লেখ কৰিছিল । প্ৰত্যক্ষদৰ্শীৰ ভাষ্যত আৰক্ষীৰ সন্দেহ উপজে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ বহু চাঞ্চল্যকৰ তথ্য(Imam killed by slitting throat) ।

প্ৰত্যক্ষদৰ্শীয়ে এই হত্যকাণ্ডক বিপথে পৰিচালনা কৰাৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে এটা দিন সম্পূৰ্ণ নৌহওতেই হত্যাকাৰীক বিচাৰি উলিয়ালে।

আৰক্ষীৰ অভিযোগ অনুসৰি, প্ৰত্যক্ষদৰ্শী ইব্ৰাহিম আহমেদে ইমামগৰাকীক হত্যা কৰিছিল। প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা ইব্ৰাহিমে নিজেই এই নৃংশস হত্যাকাণ্ড সংঘটিত কৰি ঘটনাৰ অন্য ৰূপ দিব বিছাৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তত ইমামগৰাকীক হত্যা কৰাৰ প্ৰকৃত কাৰণ তথা ইয়াৰ আঁৰৰ ৰহস্য আৰু এই ঘটনাত কোন কোন জড়িত আছে সেই সকলো ৰহস্যৰ আৱৰ্তত আছে((Unidentified Miscreant Slits Throat of Imam Inside Mosque) )।

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Imam killed by slitting throat : মছজিদৰ ইমামক ডিঙি ৰেপি নৃশংসভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তই