Local, Vocal, Global

জেহাদীসকলক আশ্ৰয় দিয়াৰ অভিযোগত Bongaigaon জিলাত গ্ৰেপ্তাৰ ইমাম

নিউজ ডেস্ক, ২৪ আগষ্ট : সন্ত্ৰাসবাদী মডিউলৰ সৈতে সম্পৰ্ক থকা আৰু জেহাদীসকলক আশ্ৰয় দিয়াৰ অভিযোগত অসমৰ বঙাইগাঁও (Bongaigaon) জিলাত গ্ৰেপ্তাৰ হৈছে এজন ইমাম (ইছলামী পুৰোহিত)।

আব্বাছ আলী বুলি চিনাক্ত কৰা অভিযুক্ত ইমামে আশ্ৰয় দিছিল আৰু তেওঁৰ নামত জেহাদীসকলক চিম কাৰ্ডও প্ৰদান কৰিছিল।

অভিযুক্ত জেহাদী দুজনক জাহাংগীৰ আলম আৰু আমিনুল বুলি চিনাক্ত কৰা হৈছে, উল্লেখ্য যে, দুয়োজন বাংলাদেশৰ বাসিন্দা। আনহাতে, দুয়োজনে নিজকে পশ্চিম বংগৰ বাসিন্দা হিচাপে পৰিচয় দি স্থানীয় লোকসকলৰ সৈতে চিনাকী হৈছিল।

বাতৰি অনুসৰি, জলিলুদ্দিন নামৰ এজন সন্দেহযুক্ত জেহাদীয়ে গোৱালপাৰা জিলাৰ পাখীউৰা অঞ্চলত এখন মাদ্ৰাছা স্থাপন কৰিছিল আৰু জেহাদী দুজনক শিক্ষক হিচাপে নিযুক্তি দিছিল।

জলিললুদিনে তেতিয়া তেওঁলোকৰ বাসস্থান আৰু লজিষ্টিক সমৰ্থনৰ বাবে ইমামৰ সহায় বিচাৰিছিল।

ইমামক গ্ৰেপ্তাৰ কৰাৰ পিছত, তিনিওজন জেহাদী – জলিলুদ্দিন, জাহাংগীৰ আলম আৰু আমিনুল আত্মগোপন কৰিছিল যদিও পৰৱৰ্তীসময়ত তেওঁলোকক পিছত গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জেহাদীসকলক আশ্ৰয় দিয়া ঘৰটোত তালাচী চলাই আনছাৰুল্লাহ বাংলা দল (ABT) আৰু আল কায়েদা মডিউলৰ সৈতে সম্পৰ্ক উদ্ধাৰ কৰিছিল।

ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান অব্যাহত আছে।