Local, Vocal, Global

মই পুৰুষ! মোক নুচুব… কোনে কাক কিয় ক’লে?

নিউজ ডেস্ক, ১৩ ছেপ্তেম্বৰ : বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’ । ভিডিঅ’টোত এজন ব্যক্তিয়ে এগৰাকী মহিলা আৰক্ষীক বাবে বাৰে কৈছে “মোৰ শৰীৰ স্পৰ্শ নকৰিব। আপুনি মহিলা, মই পুৰুষ”।

মঙলবাৰে কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিয়ে উলিওৱা প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰে হোৱা টনা-আজোৰাত ৰাজ্যখনৰ এগৰাকী শীৰ্ষ বিজেপি নেতাই কৰা মন্তব্যই ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে।

প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা এগৰাকী মহিলা আৰক্ষীক কৰা মন্তব্যৰ বাবে বিজেপি নেতা শুভেন্দু অধিকাৰীক তেওঁৰ পূৰ্বৰ দল তৃণমূলে ট্ৰ’ল কৰিছিল।

তৃণমূল কংগ্ৰেছে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰাজ্যখনৰ বিৰোধী দলৰ নেতা অধিকাৰীক এটা ভিডিঅ’ত কোৱা শুনা গৈছিল যে “মোৰ শৰীৰ স্পৰ্শ নকৰিব। আপুনি মহিলা, মই পুৰুষ”।

মমতা বেনাৰ্জী চৰকাৰৰ মুখ্য কাৰ্যালয় ‘নাবান্না’লৈ যাত্ৰা কৰি থকা সময়ত আৰক্ষীয়ে কেইবাজনো বিজেপি নেতাক আটক কৰিছিল। বিজেপিয়ে ৰাজ্যখনৰ শাসকীয় দলৰ দ্বাৰা হোৱা দুৰ্নীতিৰ প্ৰতিবাদ কৰাৰ সময়ত শুভেন্দু অধিকাৰী, বিজেপি সাংসদ লকেট চেটাৰ্জী আৰু দলৰ আন নেতাসকলক কাৰাগাৰলৈ ভানত লৈ গৈছিল।

হাওৰা দলঙৰ ওচৰত প্ৰতিবাদকাৰীসকলে অধিক উত্তেজিত হৈ পৰাত ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীহিলৈ ব্যৱহাৰ কৰে। ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ এখন গাড়ীতো অগ্নিসংযোগ কৰে।

উল্লেখ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিলৈ যোৱাৰ পূৰ্বে অধিকাৰী তৃণমূল কংগ্ৰেছৰ এজন শীৰ্ষ নেতা আৰু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী আছিল।