Local, Vocal, Global

Watch | Illustrious two years have passed for the ‘Brahmaputra Gagana Cultural Group’ of Dergaon: গৌৰৱোজ্বল দুটাকৈ বৰ্ষ অতিক্ৰম দেৰগাঁৱৰ জৰাগুৰিৰ “ব্ৰহ্মপুত্ৰ গগনা সাংস্কৃতিক গোষ্ঠীৰ”

দেৰগাঁও: দেৰগাঁৱৰ জৰাগুৰিৰ ব্ৰহ্মপুত্ৰ গগনা সাংস্কৃতিক গোষ্ঠীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন।আধ্যাত্মিক পৰিবেশৰে মুখৰিত দেৰগাঁৱৰ জৰাগুৰিৰ বৰনামঘৰৰ প্ৰাঙ্গণ। ব্ৰহ্মপুত্ৰ গগনা সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আধ্যাত্মিক‌ হৈ পৰিল বৰনামঘৰৰ চৌপাশ।

ইতিমধ্যে ব্ৰহ্মপুত্ৰ গগনা সাংস্কৃতিক গোষ্ঠীয়ে অতিক্ৰম কৰিছে গৌৰবোজ্বল দুটাকৈ বৰ্ষ। শনিবাৰে ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিৰ বৰনামঘৰৰ প্ৰাংগণত অনুস্থিত হয় দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।

পুৱা পতাকা উত্তোলন গছপুলি ৰোপণেৰে আৰম্ভ হোৱা কাৰ্যসূচী নৃত্য গীতৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ সমাহাৰেৰে অনুষ্ঠানটো জীপাল হৈ পৰা পৰিলক্ষিত হয়।দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিলৈ স্থানীয় শিল্পী সকলৰ দ্বাৰা অভিনিত মহাপুৰুষীয়া নাট মৎস্য অৱতাৰ চাৰি বেদ উদ্ধাৰ নামৰ ভাওনাৰে অনুষ্ঠানৰৰ সামৰণি পৰে।