Local, Vocal, Global

Illicit love affair : ৪ বছৰীয়া সন্তানৰ মাতৃৰ পৰকীয়া প্ৰেম ! স্বামীৰ পৰিবৰ্তে দাবী সা-সম্পত্তি

সৰভোগ, ১৬অক্টোবৰ : কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম ?

পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা অপৰাধৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেমে কাল হ’ল এজন যুৱকৰ বাবে। পৰকীয়া প্ৰেমৰ ঘটনাৰ বাবে স্বামী আৰু সন্তানক এৰিলে পত্নীয়ে(Illicit love affair) ।

পুনৰ নাৰী সমাজক লজ্জানত কৰা আন এক ঘটনা । এখন সুখৰ সংসাৰ ভাঙি থান-বান কৰিলে পৰকীয়া প্ৰেমে । অসহায় কৰিলে কণমানিক ।

এই ঘটনা সংঘটিত হৈছে সৰভোগৰ ডেগাৰবড়ী টেঙা গাঁৱত । সৰভোগৰ আশ্ৰাফুল ইছলামৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল মহিলা গৰাকী । চাৰি বছৰীয়া কণমানি শিশুটোৰ সৈতে আশ্ৰাফুলৰ আছিল এখন সুখৰ সংসাৰ । পিছে সকলো থান-বান কৰিলে ফিৰোজ খান নামৰ এজন যুৱকে ।

অভিযোগ অনুসৰি ৰঙিয়াৰ ফিৰোজ খানে মহিলাগৰাকীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল মবাইলৰ যোগেদি ।মবাইলতে আলোচনা কৰিছিল সকলো কথা ।কেনা লাগিল তাতেই । স্বামী আশ্ৰাফুলৰ দৃষ্টিগোচৰ হয় মবাইলত আবদ্ধ সকলো গোপন তথ্য ।বুজি উঠিল আশ্ৰাফুলে পত্নীৰ পৰকীয়া প্ৰেমৰ সবিশেষ । মহিলা গৰাকী এই লজ্জানত কাণ্ডত পৰিয়ালৰ লোকে লৈ যায় স্বগৃহলৈ ।বুজাই বঢ়াই পুনৰ পঠিয়াব স্বামী গৃহলৈ । কিন্তু ওলোটাহে হ’ল । সিদ্ধান্ত ল’লে নেলাগে স্বামীক । নিবলৈ আহিল যৌতুকত অনা সা-সম্পত্তি ।

আনফালে স্বামীয়েও বিছাৰিলে আ অলংকাৰ ।সম্পৰ্ক বিচ্ছেদৰ দিশে । পৰিচয় হেৰাব নেকি কণমানিটিয়ে ? লক্ষ্যণীয় হব পৰৱৰ্তী সময়ত ।