Local, Vocal, Global

WATCH | Illegal weapons seized : বিশ্বনাথৰ জিনজিয়া আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ কুখ্যাত ৫ জনীয়া ডকাইত দল

চতিয়া,১জুন : বিশ্বনাথৰ জিনজিয়া আৰক্ষীৰ বৃহৎ সাফল্য। জিনজিয়া আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰসহ কুখ্যাত ৫ জনীয়া ডকাইত দল ।

নগাঁৱৰ লাইলুৰীৰ পৰা আমবাগান আৰক্ষীৰ সহযোগত বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডকাইত কেইটাক।

ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন টাটা মোবাইল বাহন, এটা 9 mm পিষ্টল, চাৰিটা সজীৱ গুলী, এখন খুকুৰী আৰু নগদ ৩৩ হাজাৰ টকা। ধৃত ডকাইত কেইটা ক্ৰমে নগাঁৱৰ হাতিপুখুৰীৰ জহিৰুল ইছলাম, চিয়ামাৰীৰ চেমিম, দক্ষিণ খাটুৱালৰ উমৰ ফাৰুক, পূব লাইলোৰিৰ চাদেক আৰু বিশ্বনাথৰ জিনজিয়াৰ আমিৰ বুলি চিনাক্ত কৰা হৈছে।

ধৃত ডকাইত কেইটাই বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী চকীৰ এলেকা মোনাবাৰীত এখন গৰু গাড়ীক আগুচি ধৰি ডকাইতি কাণ্ড সংঘটিত কৰি নগাঁৱলৈ পলাই গৈছিল যদিও জিনজিয়া আৰক্ষীয়ে খেদি খেদি আমবাগান আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Illegal weapons seized)।

উল্লেখযোগ্য যে, বহু দিন ধৰি অসমৰ ভিন্ন স্থানৰ লগতে বিশ্বনাথৰ ভিন্ন অঞ্চলত ডকাইতিৰ লগতে গৰু চুৰি কাৰ্য্যও চলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।ইতিমধ্যে জিনজিয়া আৰক্ষীয়ে ডকাইতৰ দলটোক সোধা-পোছা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs : চতিয়াত ড্ৰাগছসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী