Illegal weapons recover in Manipur : অশান্ত জৰ্জৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ
নিউজ ডেস্ক,২৯আগষ্ট : পুনৰ অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বিহিনীৰ অভিযান । ৰাজ্যখনৰ কাকচিং আৰু পূব ইম্ফল জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে। অভিযানত এটা ষ্টেন মেচিনগান, দুটা ৯ এম এম পিষ্টল, দুটা চিংগল বেৰেল গান, দহটা গ্ৰেণেড, এটা ষ্টেন এমকে-ভি ৰাইফল দুটা মেগাজিন, দুটা ১২ ব’ৰ ছিংগল বেৰেল ৰাইফল, মেগাজিনসহ দুটা ৯ এম এম পিষ্টল ৯ টা HE-36 হেণ্ড গ্ৰেণেড, এটা ষ্টেন গ্ৰেণেড, ২৯টা সজীৱ গুলী জব্দ কৰে(Illegal weapons recover in Manipur)।
আনহাতে, সোমবাৰে পূৱ ইম্ফল জিলাৰ চেকটা আওৱাং লেইকেই এলেকাত অস্ত্ৰ কাঢ়ি নিয়া ঘটনাৰ অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজণ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰে। অভিযানত মেগজিনসহ ৩টা ইনছাৰ্ছ ৰাইফল,১টা ছিংগল কেলিবাৰ ৰাইফল আৰু মেগজিন, ১টা ইনছাছ এল এম জি ৰাইফল, ২টা এ কে-৫৬ ৰাইফল আৰু মেগজিনসহ বহু বিষ্ফোৰক সামগ্ৰী জব্দ কৰা হয়(Illegal weapons recover in Manipur)।