Local, Vocal, Global

Illegal weapons recover in Gossaigaon :গোসাঁইগাঁৱত বন বিভাগৰ অভিযান;অভিযানত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ ৬ টা বন্দুক

নিউজ ডেস্ক,৬অক্টোবৰ : গোসাঁইগাঁৱত বন বিভাগৰ অভিযান।অভিযানত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উদ্ধাৰ ৬ টা বন্দুক।

জানিব পৰা মতে,শনিবাৰে নিশা বন বিভাগে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত এক অভিযান চলাই । অভিযানত বন বিভাগে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ১০ নম্বৰ ৰাইটত উদ্ধাৰ কৰে মাৰণাস্ত্ৰ। গভীৰ হাবিৰ মাজত গুলিৰ শব্দ শুনি বন বিভাগে অভিযান চলায়। অভিযানত হাবিৰ মাজত চোৰাং চিকাৰী মজুত কৰা ৰখা ৬ টাকৈ বন্দুক আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে। উদ্ধাৰৰ হোৱা অস্ত্ৰ সমূহ চোৰাং চিকাৰীৰ আছিল(Illegal weapons recover in Gossaigaon)।

উদ্বাৰ হোৱা অস্ত্ৰ সমূহ হৈছে হস্ত নিৰ্মিত বন্দুক । ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত হাতী, হৰিণ, বনৰীয়া গাহৰি আদি জীৱ জন্তু হত্যা কৰাৰ কামত ব্যৱহাৰ কৰি আছিল।

লগতে পঢ়ক :Sensational incident : পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহসহ বাহন