Local, Vocal, Global

Illegal weapon in Lanka Kaki : লংকাত জব্দ অবৈধ অস্ত্ৰসহ আটক এজন

নিউজ ডেস্ক,১২আগষ্ট : লংকাৰ কাকী আৰক্ষীৰ অভিযান । অভিযানত অবৈধ অস্ত্ৰসহ আটক এজন ব্যক্তিক । দেওবাৰে পাছবেলা এক গোপন সূত্ৰৰ আধাৰত অভিযান চলাই কাকী আৰক্ষীয়ে ৰামপুৰৰ পৰা আটক কৰে অবৈধ অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত জমিৰ উদ্দিনক(Illegal weapon in Lanka Kaki)।

জমিৰ উদ্দিনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা ৭ পইণ্ট ৬৫ এম এম পিষ্টল আৰু দুটা সজীৱ গুলী জানিব পৰা মতে অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকা জমিৰ উদ্দিন দক্ষিণ দেৱস্থানৰ মৌজাদাৰ।

আৰক্ষীয়ে অবৈধ অস্ত্ৰ আৰু দুটা গুলীৰ উপৰিও কেতবোৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Road Accident in Bongaigaon : শোকাৱহ দুৰ্ঘটনা;দুৰ্ঘটনাত নিহত বিজেপি নেতা